কৰিমগঞ্জত ত্ৰিপুৰা অভিমুখী পণ্যবাহী বাহন অৱৰোধ স্থানীয় লোকৰ

By

Published : Aug 2, 2021, 7:55 PM IST

thumbnail

কৰিমগঞ্জৰ লোৱাইৰপোৱাত সোমবাৰে এখন ত্ৰিপুৰা অভিমুখী পণ্যবাহী বাহনক স্থানীয় ৰাইজে আৱদ্ধ কৰে ৷ ত্ৰিপুৰাই মিজোৰামক বিকল্প পথেৰে পণ্যবাহী বাহনক যোৱাৰ ব্যৱস্থা কৰি দিয়াৰ বাবে অসমৰ লোকে অৰ্থনৈতিক অৱৰোধ ঘোষণা কৰি সোমবাৰে বাহনখন অৱৰোধ কৰে ৷ এই অৱৰোধৰ ফলত ৬নং অসম ত্ৰিপুৰা ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ হৈ পৰে শ শ বাহন ৷ উল্লেখ্য যে, লায়লাপুৰত মিজো আৰক্ষীয়ে ছয়গৰাকী অসম আৰক্ষী (Assam Police)ৰ জোৱানক গুলিয়াই হত্যা কৰাৰ পিছত কাছাৰ জিলাত থকা মিজোৰাম সংযোগী মুখ্য পথটোক অৰ্থনৈতিক অবৰোধ কৰি ৰাখিছে ৷ মিজোৰামত বৰ্তমানে খাদ্য সংকট হোৱাত ত্ৰিপুৰা চৰকাৰে বিকল্প পথেৰে খাদ্য সামগ্ৰীৰ গাড়ী পঠোৱাৰ ব্যৱস্থা কৰাৰ বাবে এই অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে স্থানীয় লোকে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.