যোগীজান আদৰ্শ চিকিৎসালয় ৰূপান্তৰিত কৰ’ণা চিকিৎসালয়লৈ......

By

Published : Apr 1, 2020, 12:01 PM IST

thumbnail

হোজাই,1 এপ্ৰিলঃ মঙলবাৰে যোগীজান আদৰ্শ চিকিৎসালয় পৰিদৰ্শন কৰি ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাই চিকিৎসালয়খন কৰ’ণা ভাইৰাছৰ চিকিৎসাৰ বাবে বিশেষ চিকিৎসালয়লৈ ৰূপান্তৰ কৰাৰ কথা ঘোষণা কৰে ৷ ইয়াৰ লগতে চিকিৎসা কৰ্মীসকলৰ লগত এক পৰ্যালোচনা সভাত মিলিত হয় মন্ত্ৰী গৰাকী । মুঠ ৫০ খন বিচনাৰ সুবিধা থাকিব এই চিকিৎসালয়খনত । কৰ’ণা ভাইৰাছত আক্ৰান্ত প্ৰথম পৰ্যায়ৰ ৰোগীসকলে ইয়াত চিকিৎসা কৰিব পাৰিব বুলি প্ৰকাশ কৰে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ৷ আনহাতে, কৰ’ণা চিকিৎসালয়লৈ ৰূপান্তৰিত হোৱা চিকিৎসালয়খনত সাধাৰণ ৰোগীৰ বাবে এতিয়াৰে বন্ধ হ’ব চিকিৎসা ব্যৱস্থা ।সাধাৰণ ৰোগীসকলে হোজাইৰ গ্ৰাম্য চিকিৎসালয়ত কৰিব পাৰিব চিকিৎসা । সেয়ে মঙলবাৰে গ্ৰাম্য চিকিৎসালয়খনৰ নৱনির্মিত গৃহটো আনুষ্ঠানিকভাৱে মুকলি কৰে মন্ত্ৰী গৰাকীয়ে । ইপিনে, উক্ত কাৰ্যসূচীত মন্ত্ৰীগৰাকীৰ সৈতে থকা স্থানীয় বিধায়ক শিলাদিত্য দেৱে হোজাইবাসীক লক ডাউনৰ সময়ছোৱাত ঘৰত থাকিবলৈ আহ্বান জনায় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.