প্ৰাসংগিক প্ৰেক্ষাপটঃ আজিৰ অতিথি জয়শ্ৰী গোস্বামী মহন্ত

By

Published : Mar 6, 2021, 3:32 PM IST

thumbnail

প্ৰাসংগিক প্ৰেক্ষাপটত আজিৰ অতিথি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পত্নী তথা প্ৰাক্তন সাংসদ জয়শ্ৰী গোস্বামী মহন্ত ৷ 1991 চনৰ পৰা বঢ়মপুৰ সমষ্টিক একেৰাহে বৰ্তমানলৈ প্ৰতিনিধিত্ব কৰি অহা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত এইবাৰ বঞ্চিত হ'ল প্ৰাৰ্থিত্বৰ পৰা ৷ মধ্য অসমত আঞ্চলিকতাবাদৰ ধ্বজাবাহী অগপৰ প্ৰতিস্থাপক সভাপতিগৰাকীক এইদৰে বৰ্তমানৰ অগপ নেতৃত্বই আৰু মিত্ৰদল বিজেপিয়ে গুৰুত্বহীন কৰাত স্বাভাৱিকতেই ক্ষোভিত হৈ পৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ পত্নী জয়শ্ৰী মহন্ত তথা তেখেতৰ সমৰ্থকসকল ৷ অগপৰ বৰ্তমানৰ স্থিতি সন্দৰ্ভত বিস্ফোৰক মন্তব্য আগবঢ়াইছে জয়শ্ৰী গোস্বামী মহন্তই ৷ 2006চনত প্ৰফুল্ল কুমাৰ মহন্তই অগপৰ পৰা আঁতৰি আহি জন্ম দিয়া অগপ(প্ৰগতিশীল) দলটো বৰ্তমান সময়ত প্ৰাসংগিক হৈ উঠিছে ৷ কিয়নো যিহেতু অগপই বিজেপিক বঢ়মপুৰ সমষ্টি এৰি দিছে গতিকে প্ৰফুল্ল কুমাৰ মহন্তই অগপ (প্ৰগতিশীল) দলৰ পৰা প্ৰতিদ্বন্বিতা আগবঢ়াব বুলি চৰ্চা চলিছে ৷ এই সকলো বিষয় সন্দৰ্ভত ইটিভি ভাৰতৰ সন্মুখত স্থিতি প্ৰকাশ কৰিলে জয়শ্ৰী গোস্বামী মহন্তই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.