গোলাঘাট আৰক্ষীয়ে আইন উলংঘনকাৰীক জনালে সম্বৰ্ধনা !

By

Published : Dec 30, 2021, 2:30 PM IST

thumbnail

ৰাজ্য চৰকাৰে পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে সজাগতামূলক বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে (Road Safety Awareness programme in Assam) । যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে এইবাৰ কঠোৰ হৈ পৰিছে গোলাঘাট আৰক্ষী ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতে অধিক কঠোৰ হৈছে গোলাঘাট আৰক্ষী তথা পৰিবহণ বিভাগৰ বিষয়াসকল ৷ ভৱিষ্যতে হ’ব পৰা যিকোনো পথ দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰিবলৈ জনসাধাৰণক সজাগ কৰাৰ লক্ষ্যৰে হেলমেট পৰিধান কৰাতো বাধ্যতামূলক কৰিছে চৰকাৰে ৷ ইয়াৰ মাজতে গোলাঘাটৰ যান-বাহন আৰক্ষীয়ে ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰা দেখা যায় ৷ বুধবাৰে নিশা গোলাঘাটৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাৰ নেতৃত্বত চলা এই অভিযানত আৰক্ষীয়ে কঠোৰ, বিধি উলংঘা নকৰা লোকসকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.