জনগোষ্ঠীয় মৰ্যদা প্ৰদানৰ দাবীত বিলাসীপাৰাত প্ৰতিবাদ

By

Published : Sep 19, 2021, 12:19 PM IST

thumbnail

গৰিয়া-মৰিয়া দেশী লোকসকলক অসমীয়া মুছলমান তথা খিলঞ্জীয়া মুছলমান হিচাপে নহয়, গৰিয়া-মৰিয়া আৰু দেশী হিচাপেহে নামকৰণ কৰাৰ দাবীত শনিবাৰে উত্তাল হৈ পৰে বিলাসীপাৰা । গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ বিষয়ববীয়া আৰু কৰ্মীয়ে বিলাসীপাৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সম্মুখত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে আমাক খিলঞ্জীয়া মুছলমান নহয়, অসমীয়া মুছলমান নহয়, আমাক ভূমিপুত্ৰ গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদ জনগোষ্ঠীয় হিচাপে পৰিচিত কৰক আদি দাবীৰে চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে ৷ পৰিষদৰ কেন্দ্ৰীয় সভাপতি শ্বাহনোৱাজ হুছেইনৰ উপস্থিতিত প্ৰতিবাদকাৰীসকলে এই দাবীৰ লগতে গৰিয়া-মৰিয়া দেশী মুছলমানৰ বাবে সুকীয়া জৰীপৰ ব্যৱস্থা আৰু উন্নয়ন পৰিষদ গঠন কৰিবলৈ দাবী জনাই চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.