মহানগৰীত অগ্নিকাণ্ডত মৃত্যু নিৰীহ জন্তুৰ

By

Published : Sep 5, 2021, 11:36 AM IST

thumbnail

শনিবাৰে নিশা গুৱাহাটী মহানগৰীৰ বৰা চাৰ্ভিছত ভয়ংকৰ অগ্নিকাণ্ড(Fire) সংঘটিত ৷ শ্ব’ৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হোৱা এই অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ মৃত্যু হয় কেইবাটাও নিৰীহ জন্তুৰ ৷ বৰা চাৰ্ভিছৰ চিটি পেট শ্বপ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত নিশা প্ৰায় 1 বজাত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি অগ্নিনিৰ্বাপক বাহিনীয়ে সদৰী কৰিছে ৷ ঘটনাৰ খবৰ পোৱাৰ পাচতে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দুখনকৈ গাড়ী উপস্থিত হৈ জুই নুমাবলৈ সক্ষম হয় । বিক্ৰীৰ বাবে ৰখা 3 টা কুকুৰৰ পোৱালী আৰু 3 টা শহাপহু পিঞ্জৰাৱদ্ধ অৱস্থাত অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.