উত্তৰ গুৱাহাটীৰ উদ্যোগত ভয়ংকৰ অগ্নিকাণ্ড

By

Published : Jun 21, 2021, 6:26 PM IST

thumbnail

উত্তৰ গুৱাহাটীত জ্বলিছে এটাৰ পাছত আনটো উদ্যেগ ৷ কমলপুৰ আল্টাৰ প্লাষ্টিক উদ্যোগৰ পাছত এইবাৰ উত্তৰ গুৱাহাটীৰ চকীগেটৰ কাৰ্টন উদ্যোগত অগ্নিকাণ্ড সংঘটিত হৈছে ৷ উদ্যোগটোত কেনেদৰে অগ্নিকাণ্ড সংঘটিত হ'ল সেয়া জানিব পৰা হোৱা নাই যদিও জুইৰ লেলিহান শিখাই আৱৰি ধৰে উদ্যোগটো ৷ দপদপাই এফালৰ পৰা জ্বলি গৈছে উদ্যোগটোত মজুত থকা হাজাৰ হাজাৰ মেট্ৰিক টন কাৰ্টন । অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো বাহনে জুই নিৰ্বাপনৰ বাবে চলাইছে যৎপৰোনাস্তি চেষ্টা চলাইছে । উদ্যোগটোত অগ্নিনিৰ্বাপন আৰু আপতকালীন সুবিধাসমূহ নথকাৰ বাবে অগ্নিকাণ্ডই ভয়ংকৰ ৰূপ লৈছে । ৫ খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে যুদ্ধকালীন ক্ষীপ্ৰতাৰে অগ্নি নিৰ্বাপনৰ বাবে অহৰহ চেষ্টা কৰিছে বুলি জানিব পৰা গৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.