Road accident in Bangaigaon : বঙাইগাঁৱত ভয়াৱহ পথ দুৰ্ঘটনা, নিহত এজন

By

Published : Feb 5, 2022, 10:58 PM IST

thumbnail

শনিবাৰে বঙাইগাঁৱত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা (Road accident in Bangaigaon) ৷ ট্ৰাক আৰু বাইকৰ মাজত হোৱা এই মুখামুখী সংঘৰ্ষৰ পাছত ৰাজপথতে দপ-দপাই জ্বলি উঠিল দুয়োখন বাহন ৷ দুৰ্ঘটনাটোত বাইক আৰোহীগৰাকী অগ্নিদগ্ধ হৈ মৃত্যুবৰণ কৰা বুলি জানিব পৰা গৈছে (One dead in Bongaigaon road accident) ৷ অৱশ্যে নিহত বাইক আৰোহী গৰাকীৰ নাম বৰ্তমানলৈ জানিব পৰা হোৱা নাই । দুৰ্ঘটনাটো সংঘটিত হোৱাৰ কিছু সময়ৰ পাছত ঘটনাস্থলীত অগ্নিনিৰ্বাক বাহিনীৰ দুখনকৈ বাহন উপস্থিত হৈ জুই নুমাবলৈ সক্ষম হয়৷ দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকৰ নম্বৰ AS 17B 2765 আৰু বাইকখনৰ নম্বৰ AS 19N 6113 ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.