Kamakhya Doloi election: 5 গৰাকী প্ৰাৰ্থীৰ দলৈ পদৰ বাবে প্ৰতিদ্বন্দ্বিতা

By

Published : Nov 28, 2021, 6:33 PM IST

thumbnail

নিৰ্বাচনৰ বতাহ বলিছে শক্তিপীঠ কামাখ্যাত(Kamakhya Doloi election) ৷ বিগত দিনকেইটাত এক উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে শক্তিপীঠ কামাখ্যাত (Kamakhya Temple of Guwahati)৷ দেওবাৰে পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ এইবেলি 5 গৰাকী প্ৰাৰ্থীয়ে দলৈ পদৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷ ইয়াৰ মাজৰ পৰা নিৰ্বাচিত হ'ব কামাখ্যা দেৱালয়ৰ বৰদলৈ আৰু সৰুদলৈ । উল্লেখ্য যে, কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ তত্বাৱধানত অনুষ্ঠিত হয় কামাখ্যাৰ এই নিৰ্বাচন । এইবেলি নিৰ্বাচনত অৱতীৰ্ণ হৈছে পূৰ্বৰ দলৈ ক্ৰমে মোহিত চন্দ্ৰ শৰ্মা, কবীন্দ্ৰ প্ৰসাদ শৰ্মা । ইয়াৰোপৰি এই ভোট যুদ্ধত অৱতীৰ্ণ মানস শৰ্মা, হিমাদ্ৰী শৰ্মা, ফনীন্দ্ৰ নাথ শৰ্মা বুলি জানিব পৰা গৈছে ৷ কামাখ্যাৰ এই নিৰ্বাচনত মুঠ 466 ভোটাৰে ভোট দান কৰিছে ৷ লগতে এই ভোটদান প্ৰক্ৰিয়াত বৰ দেউৰী সমাজৰ 18বছৰৰ ওপৰৰ পুৰুষ ভোটাৰে ভোট দান কৰে ৷ জানিব পৰা মতে 28 নৱেম্বৰৰ ৰাতিপুৱাৰ পৰা দুপৰীয়া তিনি বজালৈ এই ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ তাৰ পিছতে ভোট গণনা পৰ্যায় আৰম্ভ হ'ব ৷ সন্ধিয়া 7 বজাৰ ভিতৰত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা প্ৰকাশ কৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.