এৰালেৰে বান্ধি ফৰিদক থানালৈ নিলে এদল মহিলাই

By

Published : Oct 28, 2021, 10:58 PM IST

thumbnail

মদৰ নিচাত মাতাল হৈ পত্নীৰ ওপৰত বৰ মতা হোৱা বহু লোক আপুনি দেখিছে ৷ একেধৰণৰ কামৰ সৈতে প্ৰায়েই জড়িত থাকে জোনাই কমলপুৰৰফৰিদ আলী ৷ বহু বছৰৰ পৰা মদ খাই পত্নীক অমানুষিক নিৰ্যাতন চলাই আহিছে আলীয়ে ৷ সদায় একেধৰণৰ কাণ্ড দেখি অতিষ্ঠ হৈ পৰিছে ওচৰ চুবুৰীয়াও ৷ অৱশেষত, ধৈৰ্য্যৰ বান্ধ চিগিল চুবুৰীয়া মহিলা সকলৰ ৷ পত্নীৰ ওপৰত নিৰ্যাতন চলোৱা ফৰিদকো এসেকা দিলে মহিলা সকলে ৷ ৰাইজৰ অভিযোগ মতে দিন হাজিৰা নকৰিলে ঘৰ নচলা ফৰিদ আলীয়ে কোনো কাম নকৰাকৈ পুৱাৰ পৰাই মদ খাই মাথো হুলস্থুল কৰি আমনি দি আহিছে চুবুৰীয়া ৰাইজক ৷ নিজ পত্নীও অতিষ্ঠ হৈ পৰিছে পৰিদৰ অত্যাচাৰত ৷ সেয়ে অতিষ্ঠ হৈ মহিলা সকলে নিজেই ফৰিদ আলীক ৰছীৰে বান্ধি ৰাজপথেদি টানি নি জোনাই আৰক্ষী থানাত চমজাই দিয়ে ৷ সম্প্ৰতি, গাৰ্হস্থ্য হিংসাৰ এই ঘটনাৰ বাবে ফৰিদে উচিত শাস্তি পোৱাটো বিচাৰিছে পত্নীৰ লগতে চুবুৰীয়া মহিলা সকলেও ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.