Covid vaccination for teens starts today: চৰাইদেউত কিশোৰ-কিশোৰীক প্ৰতিষেধক প্ৰদান

By

Published : Jan 3, 2022, 6:50 PM IST

thumbnail

সোমবাৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ কৰা হ'ল ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীক ক'ভিড প্ৰতিষেধক প্ৰদান অভিযান (Covid vaccination for 15-18 years group in Assam starts today) । ২০০৭ চনৰ ৩১ ডিচেম্বৰ বা তাৰ পূৰ্বে জন্ম গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী তথা কিশোৰ-কিশোৰীয়ে গ্ৰহণ পাৰিব এই প্ৰতিষেধক । সমগ্ৰ ৰাজ্যৰ লগতে চৰাইদেউৰ সোণাৰিতো আৰম্ভ কৰা হৈছে ক'ভিড প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ৷ সোমবাৰৰ পৰাই সোণাৰিৰ বামপথাৰ বেঙেনাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰম্ভ কৰা হৈছে এই ক'ভিড প্ৰতিষেধক অভিযান(Covid Vaccination for teenagers in Charaideo) ৷ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আৰু সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে যৌথভাৱে শুভাৰম্ভ কৰে এই কাৰ্যসূচী । লগতে ক'ভিড প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ উদ্দেশ্যে বিদ্যালয়খনত অনুষ্ঠিত কৰা হয় এখন সজাগতা সভা ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.