বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত গৃহৰক্ষী জোৱান

By

Published : Jul 25, 2021, 7:44 PM IST

thumbnail

তৈলনগৰী ডিগবৈত বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত কৰ্তব্যৰত গৃহৰক্ষী বাহিনীৰ (HOME GUARD) জোৱান । আহত জোৱানগৰাকীৰ নাম জন মাছি কাৱা । গুৰুতৰভাৱে আহত গৃহৰক্ষীৰ জোৱানজনক উন্নত চিকিৎসাৰ বাবে ডিব্রুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ (ASSAM MEDICAL COLLEGE HOSPITAL) প্ৰেৰণ কৰা হৈছে । উল্লেখযোগ্য যে, কেইবা বছৰ ধৰি IOC ৰ আৱাসিক এলেকাত সন্ত্ৰাস চলাই আহিছে বন্যহস্তীয়ে (ELEPHANT) । শনিবাৰে নিশা প্ৰায় ১২ বজাত চেণ্ট্ৰেল ডিগবৈৰ তেলখাদ মছজিদৰ সমীপত সংঘটিত হয় এই ঘটনা । এই ঘটনাত নীৰৱ ভূমিকা পালন স্থানীয় বনবিভাগৰ । এলিফেণ্ট কৰিডৰ বন্ধ কৰি IOC ৰ বৃহৎ টাৰ্মিনেল প্ৰতিষ্ঠাৰ বাবেই জনাঞ্চলত বন্যহস্তীৰ উপদ্ৰৱ বৃদ্ধিৰ অভিযোগ স্থানীয় লোকৰ । ইতিমধ্যে তিনি বছৰত অতি কমেও ১২ জন লোকে বন্যহস্তীৰ আক্ৰমণত প্ৰাণ হেৰুওৱাৰ লগতে বহুলোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে । ইমানৰ পাচতে বিষয়টোৰ সৰ্ন্দভত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আইঅচিৰ (IOC) কৰ্তৃপক্ষ তথা বন বিভাগে (FOREST DEPARTMENT)।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.