বিহালী আৰু গহপুৰ সমষ্টিত দিনজোৰা কাৰ্যসূচীৰে উপস্থিত মুখ্যমন্ত্ৰী

By

Published : Sep 29, 2021, 10:18 PM IST

thumbnail

ধেমাজিলৈ কেবিনেট বৈঠকলৈ যোৱাৰ সময়তে বিশ্বনাথত উপস্থিত হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ ধেমাজিৰ কেবিনেটলৈ যোৱাৰ সময়তে উত্তৰ পাৰ আৰু দক্ষিণ পাৰৰ মন্ত্ৰী সকলে চক্ৰবিষয়াৰ কাৰ্যালয়, এখন বিদ্যালয়, একোটা অংগনাবাড়ী কেন্দ্ৰ আৰু একোখন হাস্পতাল পৰিদৰ্শন কৰিব যাব বুলি সদৰি কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ লগতে ৰাজ্যত চলি থকা উচ্ছেদ প্ৰক্ৰিয়া অব্যাহত থাকিব বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে সেইবাবেই যি সকলে নিজে বেদখল কৰি আছো বুলি জানে তেওঁলোকক সেই স্থানৰ পৰা আঁতৰি যাৱলৈ কয় ৷ আনহাতে, গাংমৌ থানত সেৱা লৈ এটা প্ৰেক্ষাগৃহ পৰিদৰ্শন কৰি প্ৰেক্ষাগৃহ আৰু অতিথিশালাৰ কামো শীঘ্ৰেই সমাপ্ত হ'ব বুলি কয় মুখ্যমন্ত্ৰীয়ে ৷ তাৰ পিছতেই বটিয়ামাৰীৰ খহনীয়া স্থাপন পৰিদৰ্শন কৰি বটিয়ামাৰীৰ এক জনসভাত অংশলৈ এই খহনীয়া প্ৰতিৰোধৰ বাবে জিঅ’ বেগ আৰু স্থায়ী সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে । আনহাতে বটিয়ামাৰীত উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপন কৰা কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । এনেধৰণৰ বিভিন্নধৰণৰ গুৰুত্বপূৰ্ণ কাৰ্যসূচী হাতত লোৱাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.