26 জানুৱাৰীত বন্ধ নিদিবলৈ আলফা(স্বা) ক আহ্বান মুখ্যমন্ত্ৰীৰ

By

Published : Jan 5, 2022, 10:07 AM IST

thumbnail

দুলীয়াজানত অনুষ্ঠিত আৰক্ষীৰ অধীক্ষকসকলৰ সন্মিলন (CM Himanta Biswa Sarma in SP's Conference) ৰ পৰাই 26 জানুৱাৰীত বন্ধ নিদিবলৈ আলফা(স্বা) ক আহ্বান মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । আৰক্ষী সন্মিলনৰ শেষত অনুষ্ঠিত হোৱা সংবাদমেলত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে, শান্তি আলোচনাক লৈ আলফা আৰু চৰকাৰৰ মাজত ইতিবাচক মানসিকতাৰ সৃষ্টি হৈছে । লাহে লাহে আলফা সমস্যা সমাধানৰ দিশে আগবাঢ়িব ৷ কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলফা(স্বা) ৰ চুক্তিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, বৰ্তমানৰ চৰকাৰখনে আলফা(স্বা) ৰ বিৰুদ্ধে কোনো বৃহৎ পন্থা গ্ৰহণ কৰা নাই ৷ কেৱল মাথো দায়িত্ব হিচাপে সংগঠনটোত নতুনকৈ যোগদান কৰিবলৈ যোৱাসকলক বাধা প্ৰদান কৰি আহিছে ৷ উল্লেখ্য যে, বিগত বছৰৰ 15 আগষ্টত আলফা(স্বা) য়ে বন্ধ ঘোষণা কৰা নাছিল ৷ এই কথা উল্লেখ কৰিয়ে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই সমাগত 26 জানুৱাৰীতো বন্ধ নিদিবলৈ সংগঠনটোক (CM request ULFA(I) not to call bandh on Republic day) আহ্বান জনায় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.