শ্বেৰমান আলী ভাৰতীয় হয় নে নহয় সন্দেহ আছে বিজেপি মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাৰ

By

Published : Sep 30, 2021, 8:56 PM IST

thumbnail

অসমৰ জাতীয় আন্দোলনৰ নেতৃত্ব বহন কৰি জীৱন আহুতি দিয়া বীৰ শ্বহীদ দয়ানাথ শৰ্মাক ঘাতক বুলি বর্ণনা কৰি কংগ্রেছ দলে অসম আৰু অসমীয়াৰ স্বাভিমানক অৱমাননা কৰিছে । এই অভিযোগ বিজেপিৰ ৰাজ্যিক মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মাৰ। বৃহস্পতিবাৰে ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়ত এখন সংবাদমেল সম্বোধন কৰি মুখপাত্র শৰ্মাই এই অভিযােগ উত্থাপন কৰে । সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে বর্তমান সময়ত অসমীয়া বিৰোধী শক্তি ক্রমে কংগ্রেছ, এ আই ইউ ডি এফ, পি এফ আই আৰু বামপন্থী দলসমূহে একলগ হৈ গােপন এজেণ্ডাৰ আধাৰত কামকাজ কৰি আছে । অসম আৰু অসমীয়াৰ অস্তিত্বৰ প্রতি ভাবুকি অনাৰ ক্ষেত্রত পি এফ আই বর্তমান সময়ত কংগ্রেছৰ বিশ্বস্ত সহযােগী বুলিও বিজেপিৰ মুখপাত্রজনে মন্তব্য কৰে । তেওঁ কয়, ' কংগ্রেছ দলে অসম আৰু অসমীয়াৰ কণ্ঠ ৰোধ কৰিবৰ বাবে অস্তিত্ব ৰক্ষাৰ সংগ্রামৰ সময়ত জনসাধাৰণৰ ওপৰত অবর্ণনীয় নির্যাতন নমাই আনিছিল । ছয় বছৰীয়া আন্দোলনৰ সময়ত বিজেপিয়ে অসমীয়া ৰাইজৰ সুৰত সুৰ মিলাই কংগ্রেছ দলে জাপি দিয়া ১৯৮৩ চনৰ অবৈধ নিৰ্বাচন বর্জন কৰাৰ লগতে সমগ্র দেশত অসম আন্দোলনৰ সপক্ষে ব্যাপক জনমত গঠন কৰাত আগভাগ লৈছিল ।' তেওঁ লগতে কয় , ''বিজেপি দল শাসনত থকাৰ সময়ত শ্বেৰমান আলীৰ নিচিনা কংগ্রেছী মিঞা নেতাক অসমীয়াৰ বৰ ঘৰত অতপালি চলােৱাত অনুমতি দিয়া নহ'ব ।'' শ্বেৰমান আলী ভাৰতীয় হয় নে নহয় সন্দেহ আছে বুলিও কয় বিজেপি মুখপাত্ৰ গৰাকীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.