হাফলং সমষ্টিত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী নন্দিতা গাৰ্লোচা

By

Published : May 2, 2021, 4:24 PM IST

thumbnail

কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে হাফলং সমষ্টিত অব্যাহত আছে ভোট গণনা প্ৰক্ৰিয়া । বৰ্তমানলৈকে অষ্টম ৰাউণ্ডৰ ভোট গণনাৰ কাম শেষ হৈছে, বাকী আছে দশম ৰাউণ্ডৰ গণনা । হাফলং জিলা উপায়ুক্ত কাৰ্যালয়ৰ তিনিটা কক্ষত 21 খন টেবুলত ভোট গণনাৰ কাম চলি আছে । অষ্টম ৰাউণ্ডৰ পিচতে হাফলং সমষ্টিৰ বিজেপি প্ৰাৰ্থী নন্দিতা গাৰ্লোচাই অগ্ৰগতি লাভ কৰি আছে 12,390 ভোটৰ ব্যৱধানত ৷ ইপিনে, হাফলং সমষ্টিত বিজেপি প্ৰাৰ্থী নন্দিতা গাৰ্লোচাই 34,422 টো ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী নিৰ্মল লাংথাচাই 22,032 টা ভোট লাভ কৰে । অষ্টম ৰাউণ্ডৰ পিচতে হাফলং সমষ্টিত বিজেপিৰ জয় একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.