Pradeep Dutta Roy arrested : চৰকাৰ আৰু প্ৰশাসনক ধন্যবাদ পলাশ চাংমাইৰ

By

Published : Nov 28, 2021, 8:21 PM IST

Updated : Nov 28, 2021, 10:11 PM IST

thumbnail

অৱশেষত শনিবাৰে কাছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে অসমীয়া বিদ্বেষী মন্তব্য কৰা বৰাকৰ নেতা প্ৰদীপ দত্ত ৰয়ক(Pradeep Dutta Roy arrested by Cachar Police) । বিতৰ্কিত নেতাজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগে লগে চৰকাৰৰ লগতে আৰক্ষী প্ৰশাসনক ধন্যবাদ জনাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই(AJYCP General Secretary Palash Changmai thanks the Government and Administration)। লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই কয় যে ৰাজ্যখনত কেৱল মাত্ৰ প্ৰদীপ দত্ত ৰয় নহয় এনেধৰণৰ বহু ব্যক্তি বিৰাজমান হৈ আছে । যি বিভিন্ন ভাষা ভাষিৰ মানুহৰ মাজত সন্দেহৰ সৃষ্টি কৰিব বিচাৰে । অসমীয়া বঙালী, হিন্দু মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰিব বিচাৰে এই ব্যক্তি বিলাক অসমীয়া সমাজ জীৱনৰ বাবে ক্ষতিকাৰক । ইয়াৰোপৰি সমাজখনক যিবোৰ ব্যক্তিয়ে ভাগ ভাগ কৰি অচলা অৱস্থা কৰিবলৈ চেষ্টা কৰে সেই ব্যক্তিসকলোক অনতিপলমে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি উচিত শাস্তি দিয়াৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰী আৰু চৰকাৰক আহ্বান জনায় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদকগৰাকীয়ে (Palash Changmai appeal to CM) ।

Last Updated : Nov 28, 2021, 10:11 PM IST

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.