মূল্যবৃদ্ধিৰ বিৰোধিতাৰে শিৱসাগৰত আছুৰ প্ৰতিবাদ

By

Published : Jul 26, 2021, 5:19 PM IST

thumbnail

লক ডাউন (LockDown)ৰ বাবে এতিয়া ৰাজ্যবাসীৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে ৷ এফালে শোচনীয় আৰ্থিক অৱস্থা আৰু আনফালে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি ৷ এনে সময়তে সাধাৰণ ৰাইজৰ ওপৰত চৰকাৰে যি ৰামটাঙোন শোধাইছে, তাৰ বিৰোধিতাত সোমবাৰে শিৱসাগৰ (Sivasagar) নগৰৰ মাজমজিয়াস্থিত মুক্তিনাথ চাৰিআলিত সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ আহ্বানত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । প্ৰতিবাদকাৰীসকলে পেট্ৰ’ল, ডিজেল (Petrol-Diesel) আদি ইন্ধনজাত সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ৰোধ কৰাৰ বাবে চৰকাৰক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.