Zubeen Garg birthday: নিশা 12 বজাত যোৰহাটত কেক কাটিলে জুবিন গাৰ্গে

By

Published : Nov 18, 2022, 10:51 AM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

যোৰহাটত এইবাৰ বিশাল অনুষ্ঠানেৰে আয়োজন কৰা হৈছে জুবিন গাৰ্গৰ 50 বছৰীয়া জন্মদিন (Zubeen Garg birthday) ৷ জুবিনৰ প্ৰফেচনল জীৱন যোৰহাটৰ পৰাই আৰম্ভ হৈছিল, সেয়েহেএই 50 বছৰীয়া জন্মদিন বিশেষ কৰি তোলাৰ উদ্দেশ্যে যোৰহাটত জুবিনৰ বন্ধু-বান্ধৱ, ফেন ক্লাব সকলোৱে মিলি উদযাপন কৰিবলৈ আগবাঢ়িছে তেওঁৰ জন্মদিন (Zubeen Garg age) ৷ বৃহস্পতিবাৰে নিশা 12 বজাত যোৰহাট ক্ৰীড়া সন্থাৰ খেলপথাৰত উপস্থিত হৈ পঞ্চাশ বছৰীয়া জন্মদিন পালন কৰি সকলোৰে সৈতে কেক কাটিলে জুবিন গাৰ্গে । মৰমৰ শিল্পীগৰাকীক ওচৰৰ পৰা চাবলৈ ভিৰ কৰিলে সহস্ৰাধিক অনুৰাগীয়ে । জন্মদিন বুলি বিশেষ একো নামানে যদিও সকলোৰে সহযোগিতাৰ বাবে যোৰহাটবাসী ৰাইজ এই সুন্দৰ অনুষ্ঠানৰ সাক্ষী গৈ ৰ’ব বুলি কয় শিল্পীগৰাকীয়ে ৷ জুবিনৰ পঞ্চাশ বছৰীয়া জন্মদিনটো বিশেষ কৰি তুলিবলৈ সহস্ৰাধিক শিল্পীয়ে আজি যোৰহাটত অনুষ্ঠান পৰিবেশন কৰিব ৷

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.