কলিয়াবৰ চাহ বাগিচাত হাতে-হাতে মাৰণাস্ত্ৰ লৈ ঘূৰিছে যুৱক

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 5:16 PM IST

thumbnail

কলিয়াবৰ, ৮ ডিচেম্বৰঃ কলিয়াবৰত গোপন কেমেৰাত বন্দী ভয়ংকৰ দৃশ‍্য । কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ গাতে লাগি থকা কলিয়াবৰ চাহ বাগিচাত হাতে-হাতে মাৰণাস্ত্ৰ লৈ কেইবাজনো যুৱকে সন্দেহজনকভাৱে বিচৰণ কৰাক লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ পৰা খাদ‍্যৰ সন্ধানত সঘনাই ওলাই অহা গঁড়, বাঘ, হৰিণকে ধৰি বিভিন্ন বন‍্যপ্ৰাণী বিভিন্ন সময়ত অৱস্থান কৰেহি উদ‍্যানখনৰ গাতে লাগি থকা কলিয়াবৰৰ হাতীমূৰা আৰু কামাখ্যা সংৰক্ষিত বনাঞ্চলত ।  

ইতিমধ্যে উক্ত অঞ্চলত বিচৰণ কৰা ঢেকীয়াপতীয়া,গঁড় আদিৰ দৃশ‍্য ই টিভিৰ দৰ্শকে প্ৰত্য়ক্ষ কৰিছে । কিন্তু কলিয়াবৰ চাহ বাগিচাৰ সমীপতে থকা সংৰক্ষিত বনাঞ্চলৰ সমীপত দিন-দুপৰতে হাতে-হাতে মাৰণাস্ত্ৰ লৈ চোৰাং চিকাৰীৰ দৰে পিয়াপি দি ঘুৰি ফুৰাৰ এক দৃশ্য বন্দী হৈছে কেমেৰাত । এটা-দুটা নহয়, চাৰিটাকৈ মাৰণাস্ত্ৰ লৈ ঘূৰিছে সংৰক্ষিত বনাঞ্চলখনৰ গাতে লাগি থকা কলিয়াবৰ চাহ বাগিচাৰ মাজেৰে । কিহৰ এই অভিযান সেই বিষয়ে তথ‍্য নাই কলিয়াবৰ শিলঘাট বন বিভাগৰ হাতত । 

লগতে পঢ়ক:চানমাৰি আৰক্ষীৰ জালত ৩ কুখ্যাত গাড়ী চোৰ

TAGGED:

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.