Youth missing in Hojai: হোজাইৰ নীলবাগানৰ পৰা যুৱক নিৰুদ্দেশ

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 4:31 PM IST

thumbnail

হোজাই,১৪ নৱেম্বৰ: হোজাইৰ নীলবাগানত যুৱক নিৰুদ্দেশক লৈ তীব্ৰ চাঞ্চল্য । বিগত এমাহ ধৰি নিখোঁজ হৈ আছে এজন যুৱক । আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰাৰ পাছতো সন্ধান উলিয়াব পৰা নাই যুৱকজনৰ । জানিব পৰা মতে এমাহ পূৰ্বে নিৰুদ্দেশ হৈছিল নীলবাগানৰ ৰফিক হুছেইন নামৰ যুৱকজন ।  

বিগত কিছুদিন ধৰি নিৰুদ্দেশ হোৱা ৰফিক হুছেইনক পৰিয়ালৰ লোকে চাৰিওফালে বিচাৰ-খোচাৰ কৰে যদিও বৰ্তমানলৈকে পোৱা নাই কোনো শুংসূত্ৰ । ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে অৱগত কৰে নীলবাগান আৰক্ষী চকীত । অসমবাসী ৰাইজকো সন্ধান পালে জনাবলৈ আহ্বান জনাই ৰফিক হুছেইনৰ কণিষ্ঠ ভাতৃয়ে । যদি কোনো সদাশয় লোকে দেখা পায় তেন্তে ৬০০০২৩১৩৭২ আৰু ৬০০২৯৬৩৭৩২ নম্বৰত যোগাযোগ কৰি চমজাই দিবলৈ কাতৰ আহব্বান জনায় ভাতৃয়ে ।

লগতে পঢ়ক: Suspected murder case: ৰহস্য়জনকভাৱে এজন লোকৰ মৃত্যু, পত্নীলৈ সন্দেহৰ আঙুলি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.