Youth Congress Protest at Morigaon: মূল্যবৃদ্ধিৰ বিৰুদ্ধে মৰিগাঁৱত প্ৰতিবাদ দল-সংগঠনৰ

By

Published : Jul 8, 2023, 4:07 PM IST

thumbnail

মৰিগাঁও, 8 জুলাই:মূল্যবৃদ্ধিৰ বিৰুদ্ধে শনিবাৰে মৰিগাঁৱত কেইবাটাও দল সংগঠনে সাব্যস্ত কৰে প্ৰতিবাদ ৷ মৰিগাঁৱত জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । শনিবাৰে মৰিগাঁও চহৰৰ মাজমজিয়াত পেট্ৰল,ডিজেল,ৰন্ধন গেছ আৰু অত্যৱশ্যকীয় খাদ্য-সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে পিয়াঁজৰ মালা পিন্ধি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে জিলা যুৱ কংগ্ৰেছৰ সদস্যই ৷ বি জে পি হায় হায়, মুল্যবৃদ্ধি ৰোধ কৰক আদি শ্ল’গানেৰে প্ৰতিবাদকাৰীসকলে কঁপাই তুলে মৰিগাঁও সদৰৰ ৰাজপথ ৷  

সমান্তৰালকৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰিগাঁও জিলা সমিতিৰ উদ্যোগতো ৰাজ্য চৰকাৰৰ যোগান মন্ত্ৰীৰ ৰঞ্জিত কুমাৰ দাসৰ শৱদেহ শ্মশান যাত্ৰা কৰি মূল্যবৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ । একেদৰে সদৌ মৰিগাঁও জিলাৰ ছাত্ৰ সন্থাৰ উদ্যোগতো মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী কৰা হয় ৷ 

লগতে পঢ়ক:Cylinder blast at Lahrighat :লাহৰীঘাটত তিনিটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.