Cylinder blast at Lahrighat :লাহৰীঘাটত তিনিটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ

By

Published : Jul 5, 2023, 7:36 PM IST

thumbnail

মৰিগাঁও,5 জুলাই: বুধবাৰে মৰিগাঁৱৰ লাহৰীঘাটত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । লাহৰীঘাটৰ বগলীপাৰাত নুৰ উদ্দিনৰ বাসগৃহত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডটো । কি কাৰণে এই অগ্নিকাণ্ড হ’ল সেয়া বৰ্তমানেও জানিব পৰা নাই ৷ স্থানীয় ৰাইজে শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড হোৱাৰ সন্দেহ কৰিছে ৷ আনহাতে অগ্নিকাণ্ডৰ সময়ত ঘৰত কোনো লোক নাছিল। ঈদ উপলক্ষে ফুৰিব গৈছিল নুৰ উদ্দিনৰ পৰিয়ালৰ সদস্যসকল ৷ 

সম্প্ৰতি অগ্নিনিৰ্বাপক বাহিনী, লাহৰীঘাট আৰক্ষী আৰু স্থানীয় ৰাইজৰ সহযোগত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ অগ্নিকাণ্ডত নিমিষতে জাহ গ’ল নগদ তিনি লক্ষাধিক টকা, প্ৰয়োজনীয় নথি-পত্ৰ লগতে ৩০ লক্ষাধিক টকাৰ সা-সম্পত্তি । বাসগৃহত জুই সূত্ৰপাতৰ পাচতে তিনিটাকৈ চিলিণ্ডাৰ বিস্ফোৰণৰ বাবে জুইয়ে ভয়ংকৰ ৰূপ লয়  ৷

লগতে পঢ়ক:Morigaon MLA Ramakanta Dewri: সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ খচৰাক লৈ উৎফুল্লিত তিনিটাকৈ পঞ্চায়তৰ লোক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.