ETV Bharat / state

Morigaon MLA Ramakanta Dewri: সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ খচৰাক লৈ উৎফুল্লিত তিনিটাকৈ পঞ্চায়তৰ লোক

author img

By

Published : Jul 3, 2023, 8:55 AM IST

Morigaon MLA Ramakanta Dewri Visit Kushtoli GP
কুশতলী গাঁও পঞ্চায়তত বিধায়ক ৰমাকান্ত দেউৰী

সমষ্টি পুনৰ নিৰ্দ্ধাৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মৰিগাঁৱৰ তিনিটাকৈ পঞ্চায়তৰ ৰাইজৰ তথা পঞ্চায়ত প্ৰতিনিধিৰ ৷ কুশতলী গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এক বিশেষ সভাত উপস্থিত হয় মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী ৷

সমষ্টি পুনৰ নিৰ্দ্ধাৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া

মৰিগাঁও, 3 জুলাই: ভাৰতীয় নিৰ্বাচনী আয়োগে সমষ্টি পুনৰ নিৰ্দ্ধাৰণ সন্দৰ্ভত প্ৰকাশ কৰা খচৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ মৰিগাঁৱৰ তিনিটাকৈ পঞ্চায়তৰ ৰাইজৰ তথা পঞ্চায়ত প্ৰতিনিধিৰ ৷ শেহতীয়াকৈ নিৰ্বাচনী আয়োগে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ প্ৰকাশ কৰা খচৰাত মৰিগাঁৱৰ তিনিটাকৈ পঞ্চায়ত কুশতলী, লাওভূৰুংগা আৰু ধূপগুৰি অন্তৰ্ভূক্ত হ’ল মৰিগাঁও সমষ্টিত ৷ এই তিনিটা গাঁও পঞ্চায়ত মৰিগাঁও সমষ্টিত অন্তৰ্ভুক্ত হোৱাত কুশতলী, লাওভূৰুংগা আৰু ধূপগুৰিবাসী ৰাইজ তথা পঞ্চায়ত প্ৰতিনিধি উৎফুল্লিত হৈ পৰিছে ৷

এই সন্দৰ্ভত দেওবাৰে কুশতলী গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এক বিশেষ সভাত উপস্থিত হয় মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী ৷ সুদীৰ্ঘ 45 টা বছৰ লাহৰীঘাট বিধানসভা সমষ্টিৰ অন্তৰ্ভূক্ত হৈ থকা জিলাখনৰ এই তিনিটা গাঁও পঞ্চায়তৰ ৰাইজ তথা পঞ্চায়ত প্ৰতিনিধি ভাৰতৰ নিৰ্বাচনী আয়োগে অসমৰ সমষ্টি পুনৰ নিৰ্দ্ধাৰণ সন্দৰ্ভত শেহতীয়াকৈ প্ৰকাশ কৰা খচৰাক লৈ উৎফুল্লিত হৈ পৰিছে ৷

দেওবাৰে অনুষ্ঠিত হোৱা এক বিশেষ সভাত ভাৰতৰ নিৰ্বাচনী আয়োগ, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ড৹ হিমন্ত বিশ্ব শৰ্মাক ৰাজহুৱাকৈ ধন্যবাদ জ্ঞাপন কৰে তিনিখন গাঁও পঞ্চায়তৰ প্ৰতিনিধি তথা ৰাইজে ৷ লাহৰীঘাট বিধানসভা সমষ্টিৰ ভিতৰুৱা তথা লাহৰীঘাট জিলা পৰিষদৰ অন্তৰ্গত কুশতলী, লাওভূৰুংগা আৰু ধূপগুৰি গাঁও পঞ্চায়তৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে এই সভাত ৷ দেওবাৰে কুশতলীত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত লাওভূৰুংগা গাঁও পঞ্চায়তৰ সভাপতি ৰাজু পাতৰ, কুশতলী গাঁও পঞ্চায়তৰ সভাপতি ৰাজেন সেনাপতিকে ধৰি কেইবাগৰাকীও পঞ্চায়ত প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ৷

কুশতলী গাঁওপঞ্চায়তৰ সভাপতি ৰাজেন সেনাপতিৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা এই বিশেষ সভাখনত উপস্থিত থাকি ৰাইজ তথা পঞ্চায়ত প্ৰতিনিধিসকলক সৌজন্যমূলক সাক্ষাৎ কৰি পঞ্চায়ত তিনিটাৰ ৰাইজ আৰু প্ৰতিনিধিৰে মত বিনিময় কৰে মৰিগাঁও বিধান সভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰীয়ে ৷

লগতে পঢ়ক: constituency delimitation : লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.