Dhing Suicide case: ঋণৰ বোজা সহিব নোৱাৰি আত্মহত্যা যুৱকৰ

By

Published : Aug 3, 2023, 2:16 PM IST

thumbnail

ধিং, 3 আগষ্ট: ঋণৰ বোজা সহিব নোৱাৰি আত্মহত্যাৰ পথ বাচি ল’লে এজন যুৱকে ৷ আত্মহত্যাৰ টোকা লিখি মৃত্যুৰ পথ বাচি ল’লে পংকজ শইকীয়া নামৰ যুৱকজনে । পংকজ কলিতা নামৰ এজন ব্যক্তিৰ পৰা ঋণ লৈছিল পংকজ শইকীয়াই । ফলত পংকজ কলিতাই ভয় ভাবুকি দি থকাৰ বাবে পংকজ শইকীয়াই আত্মহত্যা কৰা বুলি অভিযোগ উত্থাপন কৰিছে পংকজ শইকীয়াৰ পৰিয়ালে ৷  

আনহাতে পংকজ শইকীয়াই এক লাখ টকাৰ বিনিময়ত তিনিলাখ টকা আদায় দিছিল পংকজ কলিতাক ৷ তাৰ পিচতো য’তে ত’তে পংকজ শইকীয়াক ধন বিচাৰি কলিতাই মানসিক অত্যাচাৰ কাৰৰ অভিযোগ উঠিছে ৷ আনকি পংকজ শইকীয়াৰ চাৰিচকীয়া বাহনৰ লগতে স্কুটি, বাইক আৰু শহুৰেকৰ ATM CARD কাঢ়ি লৈ যায় পংকজ কলিতাই । অৱশেষত পংকজ কলিতাৰ মানসিক অত্যাচাৰ সহিব নোৱাৰি  চৰম পন্থা বাচি ল’লে পংকজ শইকীয়াই । 

লগতে পঢ়ক:Cattle smuggling:আমচৈত দুৰ্ঘটনাত পতিত চোৰাংকৈ গৰু কঢ়িওৱা বাহন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.