Cattle smuggling:আমচৈত দুৰ্ঘটনাত পতিত চোৰাংকৈ গৰু কঢ়িওৱা বাহন

By

Published : Aug 2, 2023, 6:50 PM IST

thumbnail

ৰহা, 2 আগষ্ট : ৰহাৰ আমচৈত বুধবাৰে পুৱা এখন সন্দেহজনক গাড়ী দুৰ্ঘটনাত পতিত হয় ৷ গাড়ীখনত চোৰাংকৈ গৰু কঢ়িওৱা হৈছিল ৷ দুৰ্ঘটনাটোত থিতাতে মৃত্যু হয় তিনিটা গৰুৰ । জানিব পৰা মতে, নিশা নগাঁও আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী ডালিমবাৰী ফালৰ পৰা ধৰমতুল অভিমুখে গৰু কঢ়িয়াই অনা AS 02 AC 9228 নম্বৰৰ বলেৰ’ পিকআপ ভানখন আমচৈ বজাৰৰ সমীপত দুৰ্ঘটনাত পতিত হয় । বাহনখনত আছিল ৭/৮ টা গৰু। দুৰ্ঘটনাৰ শব্দ শুনি স্থানীয় লোক ওলাই আহে আৰু গাড়ীৰ তলত মৃত গৰুকেইটা প্ৰত্যক্ষ কৰে ।

ইপিনে দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে গৰু সৰবৰাহকাৰীকেইটাই । পিচত আমচৈ আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে । এইয়া গৰুৰ চোৰাং বেহা বুলি সন্দেহ কৰা হৈছে ।

লগতে পঢ়ক : Cattle Smuggling: গৰুভৰ্তি ট্ৰাক জব্দ ; সৰবৰাহকাৰীক আটক কৰিবলৈ যোৱা কনিষ্টবল আহত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.