Drugs seized: বাঘাধৰত য়াবা টেবলেটসহ জব্দ পৰিমাণৰ ব্ৰাউন চুগাৰ

By

Published : Apr 10, 2023, 11:05 PM IST

thumbnail

কাছাৰ, 10 এপ্ৰিল: কাছাৰ আৰক্ষীৰ বহৎ সফলতা ৷ কাছাৰ আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযানত ৩০ হাজাৰ য়াবা টেবলেটসহ বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ জব্দ কৰে ৷ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই সৰবৰাহকাৰীক । সোমবাৰে কাছাৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই শিলচৰৰ বাঘধৰৰ পৰা ৫০ টা চাবোনৰ বাকচৰ পৰা ৩০ হাজাৰ য়াবা টেবলেটসহ বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ জব্দ কৰে ৷ ইয়াৰ লগতে এজন যুৱক আৰু এগৰাকী মহিলা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে (yaba tablets brown sugar seized at Baghadhor)।

কাছাৰৰ আৰক্ষী অধীক্ষকে জনোৱা মতে, জব্দ কৰা য়াবা টেবলেটৰ বজাৰ মূল্য ১০ কোটি টকাৰো অধিক হ’ব । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোক দুজনৰ নাম ৰহিম উদ্দিন আৰু হাছিনা বেগম । ধৃত দুজনৰ পৰা ১ লাখ ৭০ হাজাৰ টকাও উদ্ধাৰ কৰে তেওঁলোকে । আৰক্ষী অধীক্ষকে জনোৱা মতে, মিজুৰামৰ চুৰাচান পুৰৰ পৰা অবৈধভাৱে কাছাৰত প্ৰৱেশ কৰে তেওঁলোকে । এক দীৰ্ঘসময় ধৰি সৰবৰাহকাৰী কেইজনে বহু দিন ধৰি এই ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল ৷ তেওঁলোকৰ ঘৰ বাঘাধৰত ।

লগতে পঢ়ক : Papalpreet Singh arrested: পঞ্জাৱৰ হোছিয়াৰপুৰৰ পৰা গ্ৰেপ্তাৰ পলাতক অমৃতপালৰ সহযোগী পাপলপ্ৰীত সিঙক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.