Woman Mysterious Death: সন্দেহযুক্ত প্ৰেমিকৰ ঘৰৰ চৌহদত মহিলাৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ

By

Published : Jun 27, 2023, 4:35 PM IST

thumbnail

তেজপুৰ, ২৭ জুন: তেজপুৰৰ চানমাৰী ৰেলগেটত লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে ৷ সন্দেহজনক বিবাহ বহিৰ্ভূত সম্পৰ্কৰ বাবে প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই ৷ সন্দেহযুক্ত প্ৰেমিকৰ ঘৰৰ চৌহদৰ গাঁতৰ পৰা উদ্ধাৰ কৰা হৈছে এগৰাকী মহিলাৰ অৰ্ধগলিত মৃতদেহ ৷ ৰাজু আইচ নামৰ যুৱকজনৰ ঘৰত উদ্ধাৰ কৰা হৈছে মহিলাগৰাকীৰ মৃতদেহটো ৷  

সোমবাৰে ৰাজু নামৰ লোকজনে নিজেই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰি ঘটনা সন্দৰ্ভত অৱগত কৰে ৷ ধৃত ৰাজুৱে আৰক্ষীক মহিলাগৰাকীৰ স্বাভাৱিক মৃত্যু হোৱা বুলি ব্যক্ত কৰে ৷ তাৰ পিচতে ৰাজুৱে মহিলাগৰাকীক পুতি থয় ঘৰৰ চৌহদত ৷ মহিলা গৰাকী দ পৰ্বতীয়া পোতা পুখুৰীৰ ৰূপজ্যোতি বৰা ওৰফে টুটি বুলি জানিব পৰা গৈছে ৷ ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷ 

মহিলগৰাকীক ৰাজুৱে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ ধৃত ৰাজু পেচাত ই-ৰিক্সা চালক ৷ মহিলাগৰাকীক প্ৰায়েই ৰাজুৰ ঘৰলৈ আহ জাহ কৰিছিল বুলি স্থানীয় লোকে জানিবলৈ দিয়ে ৷ 

লগতে পঢ়ক: International Day against Drug Abuse and Illicit Trafficking: ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ড্ৰাগছ দহন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.