ETV Bharat / state

International Day against Drug Abuse and Illicit Trafficking: ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ড্ৰাগছ দহন

author img

By

Published : Jun 26, 2023, 10:44 PM IST

International Day against Drug Abuse and Illicit Trafficking in Assam
ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ড্ৰাগছ দহন

ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷ আজি আন্তৰ্জাতিক ড্ৰাগছ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ ভিন্ন প্ৰান্তত ধ্বংস কৰা হৈছে বুজন পৰিমাণৰ ড্ৰাগছ ৷

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ড্ৰাগছ দহন

নিউজ ডেস্ক, 26 জুন: আজি আন্তৰ্জাতিক ড্ৰাগছ বিৰোধী দিৱস ৷ আজিৰ দিনটোত ৰাজ্যৰ ভিন্ন প্ৰান্তত ধ্বংস কৰা হৈছে বুজন পৰিমাণৰ ড্ৰাগছ ৷

ইয়াৰ সমান্তৰালকে কৰিমগঞ্জত 225 কোটি টকাৰো অধিক নিচাজাতীয় সামগ্ৰী জ্বলাই দিয়ে কৰিমগঞ্জ আৰক্ষীয়ে৷ ইয়াৰ ভিতৰত 25 কেজি 771 গ্ৰাম হেৰ’ইন, যাৰ বজাৰ মূল্য প্ৰায় 52 কোটি টকা ৷ ইয়াবা টেবলেট আছিল প্ৰায় 12 লাখ, টেবলেট কেইটাৰ বজাৰ মূল্য প্ৰায় 60 কোটি টকা, গাঞ্জাৰ পৰিমাণ প্ৰায় 22 হেজাৰ কেজি , যাৰ বজাৰ মূল্য 109 কোটি টকাৰো অধিক ৷

ইয়াৰোপৰি 43 হেজাৰৰ ওপৰৰ নিচাজাতীয় কফ চিৰাপ আছিল, যাৰ বজাৰ মূল্য প্ৰায় 3 কোটি ৷ কৰিমগঞ্জৰ জুনিটিলাত থকা আৰক্ষী ছাউনীৰ উন্মুক্ত ঠাইত জ্বলাই দিয়া হয় নিচাযুক্ত সামগ্ৰীসমূহ ৷ এই কাৰ্যসূচীত কৰিমগঞ্জৰ জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক, বিএছএফৰ অধিকাৰী আৰু ড্ৰাগছ ডিস্প'জেল কমিটীৰ সদস্যৰ উপস্থিতিত সামগ্ৰীসমূহ জ্বলাই দিয়া হয় ৷ কৰিমগঞ্জ আৰক্ষীয়েও বিভিন্ন সময়ত জিলাৰ বিভিন্ন ঠাইত অভিযান চলাই বুজন পৰিমানৰ ড্ৰাগছ, গাঞ্জা, কফ চিৰাপ আদি জব্দ কৰিছিল ৷

ইফালে বঙাইগাঁও আৰক্ষী ছাউনীত জিলা অতিৰিক্ত আয়ুক্ত মগেন নৰহৰ উপস্থিতিত দাহ কৰে 3 কোটি 4 লাখ টকাৰ ড্ৰাগছ ৷ ইয়াৰ লগতে জিলা আয়ুক্ত নৱদ্বীপ পাঠকৰ উপস্থিতিত আন্তৰ্জাতিক ড্ৰাগছ সেৱন আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উপলক্ষে বঙাইগাঁও চহৰত সজাগতা সমদল উলিয়াই৷

ইয়াৰৰোপৰি বাইহাটা চাৰিআলিৰ কমলপুৰত ড্ৰাগছৰ বিৰুদ্ধে চাইকেল ৰেলী উলিয়াই । ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু কমলপুৰ ৰাজহ চক্ৰৰ উদ্যোগত সজাগতামুলক ভাৱে উলিওৱা হয় এই চাইকেল ৰেলী ৷ কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই ফ্লেগ অফ কৰি আৰম্ভণি কৰে চাইকেল ৰেলীৰ ৷ এই চাইকেল ৰেলীত বিধায়ক দিগন্ত কলিতা, ৰঙিয়া মহকুমাধিপতি দিপন বৰ্মন, কমলপুৰ ৰাজহ চক্ৰ বিষয়া পৰীক্ষিত ফুকনকে আদি কৰি অঞ্চলটোৰ ভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু ৰাজহ চক্ৰটোৰ অন্তৰ্গত গাঁও প্ৰধানসকলেও অংশগ্ৰহণ কৰে৷ এই চাইকেল ৰেলীৰ জৰিয়তে সমাজত ড্ৰাগছৰ বিৰুদ্ধে এক সজাগতা আহিব বুলি সদৰী কৰে বিধায়ক দিগন্ত কলিতাই ৷

ইয়াৰ সমান্তৰালকে হোজাই তো ধ্বংস কৰা হয় বৃহৎপৰিমাণৰ ড্ৰাগছ ৷ শংকৰদেৱ নগৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয় চৌহদত ধ্বংস কৰা হয় প্ৰায় 55 কোটি টকাৰ গাঞ্জ, কফ চিৰাফ আৰু হেৰ’ইন ৷ হোজাই জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলীৰ নেতৃত্বত ধ্বংস কৰা হয় ড্ৰাগছসমূহ ৷

আনহাতে ধুবুৰী জিলাতো আৰক্ষী প্ৰশাসনৰ উদ্যোগত বিনষ্ট কৰা হয় প্ৰায় 4 কোটি টকা মূল্যৰ ড্ৰাগছ ৷ ধুবুৰীৰ গৌৰীপুৰৰ ৰঙামাটি অঞ্চলত জিলা আৰক্ষী অধীক্ষক নবীন সিঙৰ উপস্থিতিত ড্ৰাগছসমূহ দহন কৰা হয় ৷ ধুবুৰী, গৌৰীপুৰ, আগমণি, গোলকগঞ্জ, বিলাসীপাৰা আৰু চাপৰ আৰক্ষী থানা এলেকাৰ পৰা জব্দ কৰা 4 কোটি টকা মূল্যৰ ড্ৰাগছ বিনষ্ট কৰি ড্ৰাগছৰ বিৰুদ্ধে আৰু ড্ৰাগছ সেৱনকাৰীৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰে জিলা আৰক্ষী অধীক্ষক সিঙে ৷

নগাঁও জিলাৰ বঢ়মপুৰত নগাঁও জিলা আৰক্ষী অধীক্ষক নৱনীত মহন্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক, অতিৰিক্ত উপায়ুক্ত আৰু স্বাস্থ্য বিভাগৰ লোকৰ উপস্থিতিত দাহ কৰে ড্ৰাগছ ৷ বিনষ্ট কৰা নিচাজাতীয় সামগ্ৰীসমূহৰ ভিতৰত আছিল 2300 হেৰ’ইন, 201 কিলো গাঞ্জা, 1800 নিচাযুক্ত টেবলেট, 1200 নিচাযুক্ত কফ চিৰাপ ৷ দহন কৰা ড্ৰাগছ তথা নিচাযুক্ত দ্ৰব্যখিনিৰ মূল্য আনুমানিক 6,34,650 টকা হ’ব বুলি অনুমান কৰা হৈছে ৷

লগতে পঢ়ক: Illegal Cattle Smuggling: চোৰাংভাৱে সৰবাৰহ কৰা 12 হাল গৰু জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.