Illegal Cattle Smuggling: চোৰাংভাৱে সৰবাৰহ কৰা 12 হাল গৰু জব্দ

By

Published : Jun 26, 2023, 6:53 PM IST

thumbnail

কলিয়াবৰ, 26 জুন : ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ ৷ তদুপৰি গা লৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ নিতৌ নতুন নতুন কৌশল অৱলম্বন কৰি একাংশ সৰবৰাহকাৰীয়ে চোৰাংভাৱে গৰু সৰবৰাহ কৰিয়েই আছে ৷ এইবাৰ কলিয়াবৰৰ বাগৰিত চোৰাংভাৱে সৰবৰাহ কৰা গৰু জব্দ কৰা হৈছে ৷ এছোৱা গাড়ীৰে, এছোৱা খোজ কঢ়াই সৰবৰাহ কৰি আছে গৰু ৷ 

সোমবাৰে গোলাঘাট জিলাৰ বিহৰা বজাৰৰ পৰা গাড়ীৰে আনি বাগৰিৰ হাৰমতীত নমাওঁতেই ১২ হাল গৰু হাতে-লোটো ধৰে বাগৰিৰ হাৰমতীৰ ৰাইজে ৷ হাৰমতীৰ পৰা জখলাবন্ধাৰ ওচৰৰ টেঁটুল গুৰিলৈ খোজ কঢ়াই নিয়া হয় গৰুকেইহাল । এই কামৰ বাবে প্ৰতিহাল গৰুৰ বিনিময়ত প্ৰদান কৰা হয় বাৰশ টকাকৈ। এই গৰু ছিণ্ডিকেটৰ লগত হাৰমতীৰ মোজাম্মিল নামৰ এজন লোক জড়িত আছে বুলি অভিযোগ উত্থাপন হৈছে ৷

লগতে পঢ়ক: International Day Against Drug Abuse and Illicit Trafficking: ডিফুত ৪৮ কোটি ৪০ লাখ টকাৰ নিচাযুক্ত ড্ৰাগছ দাহ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.