ETV Bharat / state

International Day Against Drug Abuse and Illicit Trafficking: ডিফুত ৪৮ কোটি ৪০ লাখ টকাৰ নিচাযুক্ত ড্ৰাগছ দাহ

author img

By

Published : Jun 26, 2023, 1:49 PM IST

International drug abuse day observed
ডিফুত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস পালন

ডিফুত আন্ত:ৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস পালন ৷ প্ৰায় 48 কোটি, 40 লাখ টকাৰ নিচাযুক্ত ড্ৰাগছ দাহ ৷

ডিফুত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস পালন

ডিফু, 26 জুন: আন্ত:ৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী আৰু অবৈধ সৰবৰাহ দিৱসৰ সৈতে সংগতি ৰাখি কাৰ্বি আংলং জিলাৰ ডিফুত দাহন কৰা হয় কোটি টকাৰ ড্ৰাগছ ৷ প্ৰায় আঠ 48 কোটি, 40 লাখ, 5 হাজাৰ নশ টকাৰ নিচাযুক্ত ড্ৰাগছ সোমবাৰে দাহন কৰে জিলা ড্ৰাগছ ডিছপ'জেল কমিটিয়ে ৷ সোমবাৰে পুৱা প্ৰায় 9 বজাত ডিফুৰ সমীপৰ 7 মাইল ইটা ভাটাৰ চুল্লিত প্ৰদূষণমুক্ত এলেকাত জিলা ড্ৰাগছ ডিছপ'জেল সমিতিৰ নিৰ্দেশ মৰ্মে ড্ৰাগছখিনি দাহন কৰা হয় ৷

ড্ৰাগছ ডিছপ'জেল সমিতিৰ হৈ জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়া, অতিৰিক্ত উপায়ুক্ত ড৹ টিংকুমনি বৰা, এছডিএম নৰেন্দ্ৰ নাথ ৰাজখোৱা, হাওৰাঘাটৰ আৱকাৰী উপ পৰিদৰ্শক দিগন্ত বৰুৱাৰ লগতে অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য) কংকন কুমাৰ নাথ, অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) নয়নজ্যোতি বৰ্মণ আৰু জিলা উপ-ৱ আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মা উপস্থিত থাকে ৷ প্ৰায় 48 কোটি , 40 লাখ টকাৰ নিচাযুক্ত ড্ৰাগছৰ ভিতৰত 11,262 কেজি হেৰ'ইন, 1718784 কেজি গাঞ্জা, 66,568 কেজি অপিয়াম, ক্ৰিয়েষ্টল বা ছিয়াবু 5,238 কেজি, কফ চিৰাপ 358 বটল আৰু নিচাযুক্ত টেবলেট 85068 সংখ্যক আন্ত:ৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী আৰু অবৈধ সৰবৰাহ দিৱসৰ সৈতে সংগতি ৰাখি নষ্ট কৰা হয় ৷ তদুপৰি, জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াৰ লগতে অসম আৰক্ষীৰ অন্যান্য কৰ্মচাৰীসকলে ড্ৰাছৰ বিৰুদ্ধে শপত বাক্য পাঠ কৰে ৷

আনহাতে দিৱসটোৰ সৈতে সংগতি ৰাখি বোকাজান চৰকাৰী ৰেল আৰক্ষীয়েও নষ্ট কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ ৷ চৰকাৰী ৰেল আৰক্ষীয়ে 58,599 কেজি হেৰ'ইন আৰু 15,142 কেজি গাঞ্জা দাহন কৰে ৷

লগতে পঢ়ক : Constitution demolition in Dhemaji : অখিল গগৈক তীব্ৰ কটাক্ষ বিধায়ক ভুৱন পেগুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.