ETV Bharat / state

Constitution demolition in Dhemaji : অখিল গগৈক তীব্ৰ কটাক্ষ বিধায়ক ভুৱন পেগুৰ

author img

By

Published : Jun 26, 2023, 11:29 AM IST

প্ৰস্তাৱিত চিচিবৰগাওঁ বিধানসভা সমষ্টি বিজেপিয়ে হিন্দু বাঙালীৰ স্বাৰ্থত গঠন কৰা বুলি অখিল গগৈয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৰ ৷

Bhubon Pegu reacts on Akhil Gogoi comments on Constitution demolition
অখিল গগৈক তীব্ৰ কটাক্ষ বিধায়ক ভুৱন পেগুৰ

অখিল গগৈক তীব্ৰ কটাক্ষ বিধায়ক ভুৱন পেগুৰ

জোনাই, 26 জুন : এইবাৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈক উভতি ধৰিছে জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুয়ে । বিধায়ক অখিল গগৈয়ে প্ৰস্তাৱিত চিচিবৰগাওঁ বিধানসভা সমষ্টি বিজেপিয়ে হিন্দু বাঙালীৰ স্বাৰ্থত গঠন কৰা হৈছে বুলি সংবাদ মেলত অনা অভিযোগৰ পিচতেই বিধায়ক অখিল গগৈক উভতি ধৰে বিধায়ক ভুৱন পেগুয়ে ৷ ৰাইজৰ দলৰ বিধায়কগৰাকীৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণাত্মক হৈ বিজেপি বিধায়ক ভুৱন পেগুৱে সংবাদ মাধ্যমৰ আগত কয় যে. 'অখিল গগৈ এটা আবোল তাবোল কথা কোৱা মানুহ । ইচ্ছ্যু নোহোৱা কথা কৈ সদায় অনৰ্থক হুলস্থুল লগোৱা তথা আবোল তাবোল বকাই তেওঁৰ কাম' ।

কা' আন্দোলনৰ সময়ৰ কথা উল্লেখ কৰি বিধায়ক ভুৱন পেগুয়ে কয় যে, এটা সময়ত অখিল গগৈয়ে 'কা' গৃহীত হ'লে বাংলাদেশৰ পৰা ট্ৰাকে ট্ৰাকে হাজাৰ হাজাৰ মানুহ আনি সংস্থাপন দিয়া হ'ব বুলি কৈছিল ৷ কিন্তু 'কা' গৃহীত হোৱাৰ পিচত ক’ত মানুহ আহিছে বুলি শিৱসাগৰৰ বিধায়কগৰাকীক প্ৰশ্ন উত্থাপন কৰে । গতিকে চিচিবৰগাওঁ সমষ্টি হিন্দু বাঙালীক গতাই দিয়া কথাটো একেবাৰে মিছা কথা বুলি স্পষ্ট কৰি দিয়ে জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুয়ে ।

বিধায়কগৰাকীয়ে লগতে কয় যে, ধেমাজি জিলাৰ প্ৰায় 50 শতাংশতকৈ অধিক অ-জনজাতি খিলঞ্জীয়া ৰাইজৰ এক দীৰ্ঘদিনীয়া দাবী আছিল যে ধেমাজি জিলাৰ তৃতীয়টো প্ৰস্তাৱিত চিচিবৰগাওঁ বিধানসভা সমষ্টি (সংৰক্ষণ মুক্ত) হ'ব লাগে ৷ ৰাইজৰ দাবীৰ প্ৰতি সন্মান জনাই সমষ্টি সংৰক্ষণ মুক্ত হিচাপে নিৰ্বাচন আয়োগে খচৰা প্ৰকাশ কৰিছে । লগতে গাওঁ পঞ্চায়তক কোনোধৰণৰ দ্বিখণ্ডিত কৰি সমষ্টি গঠন হোৱা নাই বুলিও কয় বিধায়কগৰাকীয়ে ।

অনাগত দিনত দলে বিচৰা ধৰণে বিধায়কগৰাকীয়ে নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি সদৰি কৰে ।

লগতে পঢ়ক : Russian Air Strikes : ৰাছিয়াই আক্ৰমণ চলালে ছিৰিয়াত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.