Woman mysterious death: স্বামীগৃহত বোৱাৰীৰ ৰহস্যজনক মৃত্যু, ডিঙিত আঘাতৰ চিন স্পষ্ট

By

Published : Jul 1, 2023, 4:15 PM IST

Updated : Jul 1, 2023, 5:07 PM IST

thumbnail

মাজুলী, 1 জুন : ৰাজ্যজুৰি ইটোৰ পাচত নাৰীজনিত অপাৰধৰ ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰিছে ৷ এইবাৰ যোৰহাটত পৰ্বতীয়া গাঁৱৰ স্বামীৰ ঘৰত মৃত অৱস্থাত হোৱাৰ মাজুলীৰ এগৰাকী কন্যাৰ মৃত্যুক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ মৃত বোৱাৰীগৰাকী কাকুমণি গায়ন হাজৰিকা ৷ 

যোৱা 11 জুনত যোৰহাটত বোৱাৰীগৰাকীৰ মৃতদেহ চিপ লৈ অৱস্থাত উদ্ধাৰ কৰা হৈছিল ৷ তাৰ পিচতে বোৱাৰীগৰাকীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ ফলাফলত তেওঁৰ ডিঙিত আঘাতৰ চিন লাভ কৰিছিল ৷ তাৰ পিচতেই বোৱাৰীগৰাকীৰ এই মৃত্যক সহজভাৱে ল’ব পৰা নাই বোৱাৰীগৰাকীৰ মাতৃ গৃহৰ পৰিয়ালে ৷ মাজুলীৰ 1 নং ফুলনিৰ বোৱাৰীগৰাকীৰ মাতৃ গৃহৰ পৰিয়ালে এই মৃত্যুক পৰিকল্পিত হত্যাকাণ্ড বুলি আখ্যা দিয়ে ৷

ইয়াৰ পিচতে বোৱাৰীগৰাকীৰ মাতৃগৃহৰ পৰা পুলিবৰ আৰক্ষী থানাত স্বামীগৃহৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছিল । গোচৰ ৰুজু কৰাৰ পিচতো বৰ্তমান সময়লৈকে পুলিবৰ আৰক্ষীয়ে হত্যাকাৰীক আটক কৰিবলৈ সক্ষম হোৱা নাই ৷ যোৰহাটৰ এটা আৰক্ষী দলে তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে যাতে আগবঢ়াই নিব পাৰে তাৰ বাবে বোৱাৰীগৰাকীৰ পৰিয়ালৰ লোকক কিছু সোধা পোচা কৰিছিল ৷ কিন্তু ইয়াৰ পিচত এই তদন্তৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মুখ নুখুলিলে যোৰহাট আৰক্ষীয়ে ৷

আজি 20 দিনৰ পিচতো বোৱাৰীগৰাকীৰ মৃত্যুৰ সন্দৰ্ভত কোনো তদন্ত নোহোৱাত হত্যাকাৰীক কিয় আৰক্ষীয়ে আটক কৰিব পৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰে মৃতকৰ পৰিয়ালে ৷ বোৱাৰীগৰাকীৰ মাতৃগৃহৰ পৰিয়ালে অতি সোনকালে আইনে নায্য বিচাৰেৰে দোষীক উচিত শাস্তি প্ৰদান কৰি পৰিয়ালটিক ন্যায় প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে ৷ 

লগতে পঢ়ক:Majuli online fraud : সংবাদমেলযোগে ক্ষমা খুজিলে শিক্ষক বসন্ত শইকীয়াই; মাজুলী আৰক্ষীৰ ভূমিকালৈও সন্দেহ

Last Updated : Jul 1, 2023, 5:07 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.