ETV Bharat / state

Majuli online fraud : সংবাদমেলযোগে ক্ষমা খুজিলে শিক্ষক বসন্ত শইকীয়াই; মাজুলী আৰক্ষীৰ ভূমিকালৈও সন্দেহ

author img

By

Published : Jun 30, 2023, 9:05 AM IST

Updated : Jun 30, 2023, 11:01 AM IST

মাজুলীৰ অনলাইন প্ৰৱঞ্চনাৰ সৈতে নাম সাঙোৰ খোৱা বসন্ত শইকীয়াৰ সংবাদমেল ৷ সংবাদমেলযোগে ক্ষমা খুজিলে অভিযুক্তগৰাকী ৷ মাজুলী আৰক্ষীৰ ভূমিকাত ক্ষোভিত ভুক্তভোগী তথা সচেতন ৰাইজ ৷

Majuli online fraud accused press meet in Majuli
অভিযুক্তই সংবাদমেলযোগে খুজিলে ক্ষমা

অভিযুক্তৰ সংবাদমেল

মাজুলী, 30 জুন : কম আয়াসতে অধিক ধন অৰ্জনৰ লালসাত ভোগা মাজুলীৰ একাংশ লোকৰ এতিয়া হাহাকাৰ অৱস্থা ৷ এই বৃহৎ প্ৰৱঞ্চনাৰ সৈতে নাম সাঙোৰ খাইছে শিক্ষক বসন্ত শইকীয়াৰ ৷ লক্ষণীয় বিষয় যে, বসন্ত শইকীয়াই দুদিনৰ আগলৈকে নিজকে কানাডিয়ান চলাৰৰ সৈতে জড়িত নহয় বুলি মন্তব্য আগবঢ়াইছিল । ইয়াৰ বিপৰীতে তেওঁৰ পত্নীৰ নামতহে এই এপত এটা একাউন্ট আছিল বুলি মন্তব্য আগবঢ়াইছিল ।

বৃহস্পতিবাৰে এক সংবাদমেলৰ আয়োজন কৰি ঘটনাৰ সৈতে নাম সাঙোৰ খোৱা বসন্ত শইকীয়াই কানাডিয়ান চলাৰ এপত যোগদান কৰিবলৈ কাকো জোৰ কৰা নাছিলোঁ বুলি উল্লেখ কৰাৰ লগতে শিক্ষকগৰাকীয়ে সংবাদমেলযোগে ক্ষমা খোজে । 'মোৰ ভুল হ’ল, মই আন দহজনৰ দৰে ইয়াত পইচা লগাইছিলোঁ' বুলি সংবাদ মেলখনত কয় শইকীয়াই ৷

উল্লেখ্য যে, এই সমগ্ৰ ঘটনাটোৰ সৈতে ইয়াৰ পূৰ্বে নাম সাঙোৰ খাইছিল মাজুলীৰ দিগন্ত হাজৰিকা নামৰ এজন যুৱকৰ ৷ মাজুলীৰ গুৱালগাঁৱত দিগন্ত হাজৰিকা নামৰ যুৱকজনে কানাডিয়ান চলাৰৰ এটা কাৰ্যালয় খুলিছিল বুলি ভুক্তভোগী ৰাইজে অভিযোগ উত্থাপন কৰি আহিছে ৷ অৱশ্যে এই অভিযোগৰ পিচতেই অভিযুক্তগৰাকীয়ে মুখ খুলি হাজৰিকাই তেওঁৰ বিৰুদ্ধে উত্থাপন হোৱা সকলো অভিযোগ নস্যাৎ কৰে ৷ কোনো লোককে এপটোত টকা বিনিয়োগ কৰিবলৈ জোৰ দিয়া হোৱা নাছিল আৰু সকলোৱে নিজ ইচ্ছাৰে টকা বিনিয়োগ কৰিছিল বুলি মন্তব্য কৰে যুৱকজনে ৷ অৱশ্যে দিগন্ত হাজৰিকা অথবা বসন্ত শইকীয়া এই এপটোৰ সৈতে জড়িত হয় নে নহয় সেয়া আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব ৷

তাৎপৰ্যপূৰ্ণ বিষয় যে, মাজুলীৰ পৰা প্ৰায় 1 কোটিৰো অধিক টকা লুণ্ঠন কৰা এই এপটোৰ বিৰুদ্ধে মাজুলী আৰক্ষীয়ে আজিলৈকে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰা কথাটোৱে বিষয়টোক অধিক ৰহস্যঘন কৰি পেলোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : Majuli online fraud: মাজুলীৰ অনলাইন প্ৰৱঞ্চনাত নাম সাঙুৰ খোৱা দিগন্ত হাজৰিকাৰ চাফা

Last Updated : Jun 30, 2023, 11:01 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.