Wild elephant calves trapped : মৰিয়নিত পানীৰ টেংকীত আৱদ্ধ বন্যহস্তীৰ পোৱালীক উদ্ধাৰ

By

Published : Jun 26, 2023, 2:20 PM IST

thumbnail

মৰিয়নি, 26 জুন : অৱশেষত জীৱন্তে উদ্ধাৰ কৰা হ’ল মৰিয়নিৰ হুলোংগুৰি চাহ বাগিছাৰ এটা পকী পানীৰ টেংকীত আৱদ্ধ হৈ পৰা বনৰীয়া হাতী পোৱালিটো । জানিবলৈ পৰা মতে, গিবন অভয়াৰণ্যৰপৰা ওলাই অহা বন্যহস্তীটো হঠাৎ পৰি যায় বাগিছাখনৰ ঔষধ প্ৰস্তুত কৰা পানী টেংকীত । বহু চেষ্টাৰ অন্তত স্থানীয় লোকৰ সহযোগত বন বিভাগৰ লোকে পানীৰ টেংকীটোৰ পৰা উলিয়াবলৈ সক্ষম হয় হাতী পোৱালিটো । 

উল্লেখ্য কৰা প্ৰয়োজন যে, পূৰ্বতেও এনেদৰে কঠালগুৰি চাহ বাগিছাত পানীৰ টেংকীত আৱদ্ধ হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল আন এটা বন্যহস্তীৰ পোৱালি । বাগিচা কৰ্তৃপক্ষই পকা টেংকীটো মুকলিকৈ ৰখাৰ বাবে এনে কৰুণ ঘটনা সংঘটিত হ'বলৈ পালে বুলি অভিযোগ কৰে স্থানীয় ৰাইজে । বাগিচা কৰ্তৃপক্ষই উন্মুক্ত হৈ থকা টেংকীটোত ঢাকোন মৰাৰ ব্যৱস্থা নকৰাৰ বাবেই এনেধৰণৰ কৰুণ ঘটনা সংঘটিত হ'বলৈ পালে বুলি কয় স্থানীয় লোকে ।

লগতে পঢ়ক : Tobacco Control Act : ধঁপাত নিয়ন্ত্ৰণ আইন শক্তিশালী কৰাৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ পত্ৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.