AJP leader Dulu Ahmed : পবিত্ৰ মাৰ্ঘেৰিটা এগৰাকী অপ্ৰয়োজনীয় ব্যক্তি; দুলু আহমেদ

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 4:07 PM IST

thumbnail

ৰঙিয়া, 1 ছেপ্টেম্বৰ : সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাক ক্ষুৰধাৰ সমালোচনা অসম জাতীয় পৰিষদৰ উপ-সভাপতি দুলু আহমেদৰ ৷ সাংসদ গৰাকীক সমালোচনা কৰি অজাপৰ উপ-সভাপতিজনে কয় যে, সাংসদ হোৱাৰ পূৰ্বে পত্নীৰ উপাৰ্জনেৰে চলা এগৰাকী সাধাৰণ যুৱক আছিল পবিত্ৰ মাৰ্ঘেৰিটা ৷ এক পৰজীৱি প্ৰাণী হ’ল পবিত্ৰ মাৰ্ঘেৰিটা ৷ বৰ্তমান পবিত্ৰ মাৰ্ঘেৰিটাৰ স্থিতি হৈছে মুখ্যমন্ত্ৰীক যিসকলে লগ কৰিব যায়, সেইসকল কমিছনৰ বিনিময়ত লগ কৰাই দিয়া, সাংসদ পুঁজিৰ কমিছন লোৱা আৰু সাংসদৰ দৰমহাৰে চলা এজন সাধাৰণ লোক ৷  

অজাপৰ নেতাজনে পুনৰ কয় যে, সাংসদ হোৱাৰ পূৰ্বে পত্নীৰ উপাৰ্জনৰ ওপৰত চলা সস্তীয়া যুৱক আছিল পবিত্ৰ মাৰ্ঘেৰিটা ৷ লগতে পবিত্ৰ মাৰ্ঘেৰিটা এগৰাকী অপ্ৰয়োজনীয় ব্যক্তি আৰু অসমৰ সমাজ জীৱনত তেওঁৰ কোনো অৰিহণা নাই বুলি ক্ষুৰধাৰ সমালোচনা কৰে অসম জাতীয় পৰিষদৰ নেতা দুলু আহমেদে ৷

ইফালে জুবিন গাৰ্গে অসম জাতীয় পৰিষদ সন্দৰ্ভত কৰা মন্তব্যত প্ৰতিক্ৰিয়া ব্যক্ত কৰি দুলু আহমেদে কয় যে, জুবিন গাৰ্গৰ বিষয়টো ইমান ডাঙৰ বিষয় নাছিল ৷ জুবিন গাৰ্গে অসম জাতীয় পৰিষদক কিবা এটা কৈছে ৷ অসম জাতীয় পৰিষদ দলে জুবিন গাৰ্গক কিবা এটা কৈছে ইমানতে শেষ ৷ কিন্তু বিজেপিৰ একাংশ মন্ত্ৰী, বিধায়ক, সাংসদে জুবিন গাৰ্গৰ অনুৰাগীসকলক উচটনি দি বিজেপিমুখী কৰাৰ চক্ৰান্ত কৰিছে বুলি ৰঙিয়াত প্ৰতিক্ৰিয়া ব্যক্ত কৰে দুলু আহমেদে ৷ 

লগতে পঢ়ক : Lurinjyoti Gogoi on Silsako eviction; গাৰ কাপোৰ খুলি খিলঞ্জীয়া মহিলাৰ প্ৰতিবাদ; ক্ষোভ প্ৰকাশ লুৰীণজ্যোতিৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.