Van caught fire: গাড়ী ষ্টাৰ্ট দিওঁতেই অকস্মাতে লাগিল জুই !

By

Published : May 15, 2023, 7:25 PM IST

thumbnail

সোণাৰি, 15 মে’ : সোণাৰিৰ ৰাজপথত ৰখাই থোৱা বাহনত লাগিল জুই ৷ সোণাৰিৰ জাপিধৰাত সংঘটিত হ’ল এই ঘটনা । AS 33 C 0486 নম্বৰৰ মহিন্দ্ৰা জিত' বাহনখন অগ্নিদগ্ধ হয় । বাহনখনৰ স্বত্বাধিকাৰী আবিদুৰ ৰহমানে কাকতিবাৰীৰ পৰা সোণাৰিৰ দিশে অহা সময়তে সংঘটিত হয় এই ঘটনা (van caught fire) ৷

উল্লেখযোগ্য যে, দুটা দিনৰ পুৰ্বে ডিব্ৰুগড়ৰ ৰাজপথত জ্বলি উঠিছিল এখন বিলাসী গাড়ী । জ্বলি উঠিছিল AS 01 AK 6696 নম্বৰৰ এখন স্কৰপিঅ' বাহন । চহৰৰ মানকটা পথৰ অভাৰ ব্ৰীজৰ চৌকিডিংগি অভিমুখী পথত এই ঘটনা সংঘটিত হৈছিল । প্ৰথমে বাহনখনৰ পৰা ধোঁৱা ওলাই আৰু তাৰ পাচতে লগে লগে জ্বলি উঠিছিল বাহনখন । এই ঘটনাত কথমপিহে প্ৰাণ ৰক্ষা পৰিছিল ৪ জন লোকৰ । আজি সেই একেই ধৰণৰ ঘটনাই সংঘটিত হয় সোণাৰিত (van caught fire before moving at Sonari) ।

লগতে পঢ়ক : Firing in forest: চোৰাং কাঠকটীয়াৰ সন্দেহত গুলীবিদ্ধ কৰা হৈছিল হাবাঙক; বনাঞ্চলিক বিষয়াৰ স্পষ্টীকৰণ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.