Assam Gogoi controversy: মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক ক্ষমা খোজাৰ দাবী টাইপাৰ

By

Published : Jul 6, 2023, 4:06 PM IST

thumbnail

ডিব্ৰুগড়, 6 জুলাই: আহোম জনগোষ্ঠীক লৈ বিৰূপ মন্তব্য কৰা কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক ক্ষমা খোজাৰ দাবী টাইপাৰ ৷ ক্ষমা নুখুজিলে উজনি অসমত প্ৰৱেশত বাধা দিব টাইপাই ৷

ৰাজ্যৰ ৰাজনীতিত সৰ্বত্ৰে চৰ্চা লাভ কৰা ‘‘তিনি গগৈ’’(3G)ৰ সন্দৰ্ভত সোণাৰিত টাইপাৰ কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰৰ প্ৰতিক্ৰিয়া ৷ ‘গগৈ’ উপাধিক লৈ চলি থকা বিতৰ্ক সন্দৰ্ভত ক্ষোভ প্ৰকাশ টাইপাৰ কেন্দ্ৰীয় সভাপতিগৰাকীৰ ৷ শিৱসাগৰত ৰূপায়ণ হোৱা প্ৰতিবাদী কাৰ্যসূচীত অখিল গগৈ, লুৰীণজ্যোতি গগৈ আৰু গৌৰৱ গগৈ একত্ৰিত হোৱাক কেন্দ্ৰ কৰি সমগ্ৰ আহোম জাতিক শাসকীয় পক্ষই সমালোচনা কৰাত ক্ষোভ প্ৰকাশ টাইপাৰ ।  

লগতে কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে গগৈ তথা আহোম জনগোষ্ঠীক লৈ কৰা মন্তব্যক লৈ সকীয়নি টাইপাৰ সভাপতি বিজয় ৰাজকোঁৱৰৰ । উজনি অসম তথা আহোমৰ ভোটলৈ হে ভাৰতীয় জনতা পাৰ্টিয়ে গাদী দখল কৰিছে বুলি সকীয়নি আহোম নেতাগৰাকীৰ ৷ ৰণজিৎ কুমাৰ দাসে ক্ষমা নুখুজিলে উজনি অসমত প্ৰৱেশত বাধা প্ৰদান কৰা হ’ব বুলিও কয় টাইপাৰ সভাপতি গৰাকীয়ে ৷

লগতে পঢ়ক: Assam Constituency Delimitation: সমষ্টি বিলুপ্তকৰণৰ বিৰুদ্ধে চাহ শ্ৰমিকৰ প্ৰতিবাদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.