Assam Constituency Delimitation: সমষ্টি বিলুপ্তকৰণৰ বিৰুদ্ধে চাহ শ্ৰমিকৰ প্ৰতিবাদ

By

Published : Jul 6, 2023, 2:07 PM IST

thumbnail

ডিব্ৰুগড়,৬ জুলাই: লাহোৱাল সমষ্টি বিলুপ্তকৰণৰ বিৰুদ্ধে বাগিচাই বাগিচাই শ্ৰমিকৰ প্ৰতিবাদ । মূষলধাৰ বৰষুণকো নেওচি লাহোৱালৰ ঘূগ্ৰজান চাহ বাগিচাৰ কলঘৰত বৃহস্পতিবাৰে পুৱাই শতাধিক শ্ৰমিকে লাহোৱাল সমষ্টি বিলুপ্তকৰণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । নিৰ্বাচন আয়োগক লাহোৱাল সমষ্টি ওভতাই দিয়াৰ দাবীত বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ঘূগ্ৰজান চাহ বাগিচাৰ কলঘৰ । 

কোনো কাৰণতে লাহোৱাল সমষ্টি বিলুপ্তিকৰণ হ'বলৈ নিদিয়াৰ হুংকাৰ প্ৰতিবাদকাৰীৰ । অন্যথা ৰাজপথত আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ব বুলি সকীয়নি প্ৰদান কৰে । উল্লেখযোগ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণেৰে ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাত জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন । ১৯৫৭ চনতে গঠিত হোৱা লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰাত মুকলি ক্ষোভ, অসন্তুষ্টি প্ৰকাশ কৰিছে ৰাইজে । 

লগতে পঢ়ক: Drug dealer injured: পুনৰ ড্ৰাগছ ব্যৱসায়ীলৈ আৰক্ষীৰ গুলিচালনা; আহত ১

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.