Road accident in Jonai: জোনাইত ভয়ংকৰ পথ দুৰ্ঘটনা

By

Published : Oct 20, 2022, 7:33 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail

জোনাইত ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident in Jonai)। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে দুজনকৈ লোক ৷ জোনাইৰ ৰতকে গাঁৱৰ সমীপৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে দিনৰ ১১-৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো । জানিব পৰা মতে, দুখন বাইকৰ মুখা-মুখি সংঘৰ্ষৰ ফলত সংঘটিত হৈছে এই দুৰ্ঘটনা (Bike Accident) ৷ এই ঘটনাৰ পিছতে লগে লগে স্থানীয় লোক দুৰ্ঘটনাস্থলীত উপস্থিত হৈ লোক দুজনক প্ৰাথমিক চিকিৎসাৰ বাবে জোনাই অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও সংকটজনক হোৱাত দুয়োজনকে ডিব্ৰুগড়স্থিত AMCH লৈ প্ৰেৰণ কৰে । আহত বাইক আৰোহী দুজন ক্ৰমে চিমেন চাপৰি চেঙাজানৰ ৰাহুল নমুসুদ্ৰ (২১) আৰু জোনকাৰেং ৰেষ্টকেম্পৰ বুদ্ধিমান দলে (২৮) বুলি জানিব পৰা গৈছে ।

Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.