বোকাজানত ট্ৰাক আৰু এলট’ বাহনৰ সংঘৰ্ষ, দুগৰাকী নিহত

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 9:41 PM IST

thumbnail

ডিফু, ২৯ নৱেম্বৰ : বুধবাৰে কাৰ্বি আংলঙৰ বোকাজানত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোৰ ফলত দুগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আন এগৰাকী গুৰুতৰভাৱে আহত হয় ৷

বুধবাৰে বিয়লি প্ৰায় 4 বজাত বোকাজানৰ বৰপথাৰ থানাৰ অন্তৰ্গত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ খাকৰাজানত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো ৷ জানিব পৰা মতে ডিমাপুৰৰ পৰা ওখা অভিমুখী এন এল ০৫ চি ২৬৮৯ পঞ্জীয়ন নম্বৰৰ এলট' বাহনখনৰ সৈতে গুৱাহাটীৰ পৰা ডিমাপুৰ অভিমুখী এন এল ০১ এ ই ৪৩৭৩ পঞ্জীয়ন নম্বৰৰ এলপি ট্ৰাকখনৰ মুখামুখি সংঘৰ্ষ হয় ৷ ফলত এলট' বাহনখনৰ ভিতৰত থকা নাগালেণ্ডৰ ওখা নিৱাসী এলিছ লোথা আৰু মিন থুংবেন নামৰ লোক দুগৰাকী নিহত হয় ৷

ইয়াৰোপৰি অপুন লুমি কিকন নামৰ আন এগৰাকী লোক গুৰুতৰভাৱে আহত হয় ৷ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ খবৰ লাভ কৰা পাচতে উক্ত স্থানত আৰক্ষীৰ লোক উপস্থিত হৈ কৰণীয়খিনি আগবঢ়োৱা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : ডিফুত মেধাৱী শিক্ষাৰ্থীলৈ আনন্দৰাম বৰুৱা বঁটা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.