ETV Bharat / state

ডিফুত মেধাৱী শিক্ষাৰ্থীলৈ আনন্দৰাম বৰুৱা বঁটা

author img

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 7:55 PM IST

ডিফুত আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠান ৷ স্থায়ী শান্তিয়ে শিক্ষাৰ বাতাবৰণ আনিছে বুলি মন্তব্য তুলিৰাম ৰংহাঙৰ ৷

Distribution of Anundoram Borooah Award 2023
আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠান

ডিফুত আনন্দৰাম বৰুৱা বঁটা প্ৰদান

ডিফু, 29 নৱেম্বৰ : সমগ্ৰ ৰাজ্যৰ লগতে বুধবাৰে ডিফুতো কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ মেধাবী ছাত্ৰ-ছাত্ৰী সকলক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হয় ৷ জিলা প্ৰশাসনৰ উদ্যোগত আৰু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ শিক্ষা বিভাগৰ সহযোগত ডিফুৰ ছাৰছিং টেৰণ (লাংকুং হাবে) টাউন হলত অনুষ্ঠিত হয় এই বিশেষ অনুষ্ঠান ৷ এই অনুষ্ঠানত মুখ্য অতিথিৰূপে কাৰ্বি আংলং স্বাত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু পশ্চিম কাৰ্বি আংলং পবিষদৰ অধ্যক্ষ ৰাজু তিছ' উপস্থিত থাকে ৷

কাৰ্বি আংলঙৰ জিলা আয়ুক্ত মধুমিতা ভাগৱতীয়ে এই অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰে ৷ দুয়োখন পাৰ্বত্য জিলাৰ মুঠ 438 গৰাকী মেধাবী ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ আনন্দৰাম বৰুৱা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ৷ কার্যসূচীত বিধায়ক ক্ৰমে- বিদ্যাছিং ইংলেং, দৰছিং ৰংহাং আৰু ৰূপছিং টেৰণে অংশগ্ৰহণ কৰে ৷ বিগত বৰ্ষত 340 গৰাকী ছাত্ৰ- ছাত্ৰীয়ে এই বঁটা লাভ কৰাব বিপৰীতে এইবাৰ এই বঁটা লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে বুলি ভাষণত উল্লেখ কৰে মুখ্য কার্যবাহী সদস্য ৰংহাঙে ৷

তুলিৰাম ৰংহাঙে লগতে কয় যে, পাহাৰীয়া জিলা দুখনলৈ শান্তিৰ পৰিৱেশ ঘূৰি অহাৰ লগতে স্থায়ী শান্তিৰ বাবে শিক্ষাৰ বাতাবৰণ ঘূৰি আহিছে ৷ সংবাদমাধ্যমৰ সৈতে হোৱা বার্তালাপত ৰংহাঙে কয় যে, শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ বাবে পৰিষদে বহু যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে ৷ পাৰ্বত্য জিলাৰ পৰা চিকিৎসা বিজ্ঞান পঢ়িবলৈ আগ্ৰহী ছাত্ৰ-ছাত্ৰী সকলক বিনামূলীয়া প্ৰশিক্ষণ প্ৰদান কৰা হ’ব বুলি কয় তেওঁ ৷

ইতিমধ্যে অসম আৰু কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে পৰিষদে বিনামূলীয়া প্ৰশিক্ষণ প্ৰদান কৰি আহিছে ৷ কেন্দ্ৰীয় লোকসেৱা আয়োগত স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীক 15 লাখ টকালৈকে পৰিষদে প্ৰদান কৰিব বুলিও প্ৰকাশ কৰে ৰংহাঙে ৷ মূলতঃ শিক্ষাৰ জৰিয়তে জিলাখনৰ নিবনুৱা সমস্যা সমাধানৰ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে বুলিও জানিবলৈ দি ৰংহাঙে ৷ চিকিৎসা বিজ্ঞান পঢ়া ছাত্ৰ-ছাত্ৰীক 50 হেজাৰ টকাকৈ প্ৰদান কৰি অহাৰ লগতে আইনৰ পাঠ্যক্ৰম উত্তীৰ্ণ হৈ অহা ছাত্ৰ-ছাত্ৰীক পঞ্জীয়নৰ বাবে পৰিষদে 50 হেজাৰকৈ টকা প্ৰদান কৰি অহা বুলিও জানিবলৈ দিয়ে মুখ্য কাৰ্যবাহী সদস্যজনে ৷

লগতে পঢ়ক : ৰাজ্যৰ মুঠ ২৭,১৮৩ গৰাকী মেধাৱী শিক্ষাৰ্থীলৈ আনন্দৰাম বৰুৱা বঁটা প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.