Accident in Dhemaji : গোগামুখত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত দুই

By

Published : Mar 24, 2023, 9:59 PM IST

thumbnail

ধেমাজি, 24 মাৰ্চ : ধেমাজিৰ গোগামুখ চাউলধোঁৱাত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ গোগামুখ আৰক্ষী থানাৰ সমীপৰ চাউলধোঁৱাত শুকুৰবাৰে সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো ৷ গোগামুখৰ পৰা তেজপুৰ অভিমুখী মুন নামৰ ASTC AS 12AC3004 নম্বৰৰ এখন আলট্ৰা বাহনৰ সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হয় বিপৰীত দিশৰ পৰা আহি থকা এখন নেক্সন বাহন (Accident at Gogamukh in Dhemaji) ৷

এই দুৰ্ঘটনাত নেক্সন বাহনখনৰ দুজন লোকৰ থিতাতে মৃত্যু ঘটে । দুৰ্ঘটনাটোৰ ফলত নেক্সন বাহনখনৰ সন্মুখভাগ সম্পূৰ্ণ বিধস্ত হৈ যায় ৷ আলট্ৰা বাছখনৰো সন্মুখভাগ ক্ষতি হয় যদিও কোনো যাত্ৰী হতাহত হোৱা নাই বুলি সূত্ৰত প্ৰকাশ ৷ বাতৰি লিখাৰ পৰলৈকে নিহত লোক দুজনক চিনাক্ত কৰিব পৰা হোৱা নাই  (2 spot dead in Dhemaji accident) ৷

লগতে পঢ়ক : Highway construction in Assam: অসমত ৩ বছৰত মাত্ৰ ২৩ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.