ETV Bharat / state

Highway construction in Assam: অসমত ৩ বছৰত মাত্ৰ ২৩ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ

author img

By

Published : Mar 24, 2023, 8:00 PM IST

অসম বিজেপি চৰকাৰৰ উন্নয়ন যে কেৱল বিজ্ঞাপনৰ মাজতহে সীমাবদ্ধ সেই কথা পুনৰ পোহৰলৈ আহিছে লোকসভাত দাখিল কৰা এক তথ্যত ৷ তথ্য অনুসৰি অসমত এবছৰত নিৰ্মাণ কৰা হৈছে মাত্ৰ 12 কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ (Highway construction in Assam) ৷ ইয়াৰ বিপৰীতে ৰাজ্যৰ 9 খন টোলগেটৰ পৰা কৰ সংগ্ৰহ কৰি আহিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ৷

Highway construction in Assam
অসমত ৩ বছৰত মাত্ৰ ২৩ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ

গুৱাহাটী,24 মাৰ্চ: অসমত কেন্দ্ৰীয় চৰকাৰে বৰ্তমানলৈ 9 খন টোলগেট স্থাপন কৰি ৰাষ্ট্ৰীয় ঘাইপথত টোল সংগ্ৰহ কৰি আছে । তাৰ বিপৰীতে যোৱা 3 বছৰত অসমত নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে মাত্ৰ 23 কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ ৷ বৰ্তমান অসমত বিজেপি চৰকাৰৰ দিনত 9 খন টোলগেট স্থাপনৰ তথ্য অসম বিধানসভাত দাঙি ধৰিছে খোদ অসম চৰকাৰে (Toll gates in Assam) ৷

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই (MLA Debrata Saikia) বিধানসভাত উত্থাপন কৰা এটা প্ৰশ্ন আছিল, অসমত বর্তমান কিমানখন টোলগেট আছে ? এই প্ৰশ্নৰ উত্তৰ প্ৰদান কৰি লোকনিৰ্মাণ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাই সদৰী কৰে অসমত বর্তমান 9 খন টোলগেট আছে ৷ দেবব্ৰত শইকীয়াৰ দ্বিতীয়টো প্ৰশ্ন আছিল, 2016 চনৰ পৰা বর্তমানলৈ অসমত কেইখন টোলগেট স্থাপন কৰা হৈছে ? ইয়াৰ উত্তৰত হিমন্ত বিশ্ব শর্মাই কয়, 2016 চনৰ পৰা অসমত মুঠ 9 খন টোলগেট স্থাপন কৰা হৈছে (Number of toll gates in Assam) ৷

এই টোল গেটসমূহৰ পৰা বছৰি কিমান টকা সংগ্ৰহ হয় তাৰ তথ্য নাই অসম চৰকাৰৰ হাতত ৷ ড৹ হিমন্ত বিশ্ব শর্মাই (CM Himanta Biswa Sarma) প্ৰকাশ কৰে যে টোলগেটৰ পৰা অসম চৰকাৰে কোনো ৰাজহ সংগ্ৰহ নকৰে ৷ টোলগেটৰ পৰা ৰাজহ সংগ্ৰহ কৰে ৰাষ্ট্ৰীয় ঘাইপথ কর্তৃপক্ষই (National Highways Authority of India) ৷ সেয়ে অসম চৰকাৰৰ হাতত এই বিষয়ক তথ্য নাই (Revenue collection from Assam toll gate) ৷

কিন্তু স্বাভাৱিকতে প্ৰশ্ন হয় বছৰি অসমৰ 9 খনকৈ টোলগেটৰ পৰা কৰ সংগ্ৰহ কৰে ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষই ৷ কিন্তু তাৰ বিপৰীতে অসমত বছৰি কিমান ৰাষ্ট্ৰীয় ঘাইপথ নির্মাণ কৰিছে ভাৰত চৰকাৰৰ পথ পৰিবহন মন্ত্ৰালয়ে ? ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত কিমান টকা খৰছ কৰিছে বছৰি ? এই প্ৰসংগত পোহৰলৈ আহিছে কেতবোৰ গুৰুত্বপূৰ্ণ বিষম তথ্য ৷

যোৱা 16 মার্চত লোকসভাত বিজেপিৰ সাংসদ ৰাজদীপ ৰয়ে এক প্ৰশ্ন উত্থাপন কৰি 2019 চনৰ পৰা অসমত নির্মাণ হোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ তথ্য বিচাৰিছিল ৷ সেই প্ৰশ্নৰ উত্তৰত ভাৰত চৰকাৰে দাঙি ধৰা তথ্য অনুসৰি- 2019 চনৰ পৰা অসমত নির্মাণ হৈছে মাত্ৰ 23.34 কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ (Nation highway construction in Assam) ৷ আনহাতে আন এক প্ৰশ্নৰ উত্তৰত ভাৰত চৰকাৰে লোকসভাত দিয়া তথ্য অনুসৰি 2022-23 বিত্তীয় বর্ষত সমগ্ৰ দেশত 3739 কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ ৷

Highway construction in Assam
লোকসভাত দাখিল কৰা টোল সংগ্ৰহ আৰু ঘাইপথ নিৰ্মাণৰ তথ্য

বছৰটোত অসমত নির্মাণ হৈছে মাত্ৰ 12 কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ ৷ তাৰ বিপৰীতে বছৰটোত মহাৰাষ্ট্ৰত নির্মাণ হৈছে 513 কিলোমিটাৰ, ৰাজস্থানত 334 কিলোমিটাৰ, উত্তৰ প্ৰদেশত 397 কিলোমিটাৰ, বিহাৰত 335 কিলোমিটাৰ আৰু গুজৰাটত 249 কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ ৷

লোকসভাত উত্থাপন হোৱা ৰাষ্ট্ৰীয় ঘাইপথ আৰু টোল কৰ প্ৰসংগত আন এক প্ৰশ্নৰ উত্তৰত ভাৰত চৰকাৰে দিয়া তথ্য অনুসৰি এবছৰত ভাৰত চৰকাৰে টোলগেটৰ পৰা সংগ্ৰহ কৰিছে 34 হাজাৰ 742 কোটি টকা ৷ 2021-22 বর্ষত দেশৰ ভিন্ন ৰাজ্যৰ টোলগেটৰ পৰা সংগ্ৰহ কৰা হৈছে 34 হাজাৰ 742 কোটি টকা ৷

উল্লেখ্য যে ভাৰত চৰকাৰে লোকসভাত তুলি ধৰা বিভিন্ন ৰাজ্যৰ পৰা সংগ্ৰহ কৰা টোলকৰৰ এই তালিকাত দাঙি ধৰা হোৱা নাই অসমৰ টোলগেটৰ পৰা সংগ্ৰহ কৰা ৰাজহৰ পৰিমাণ ৷ কিন্তু এবছৰত 34 হাজাৰ 742 কোটি টকা টোলকৰ সংগ্ৰহ কৰাৰ বিপৰীতে ভাৰত চৰকাৰে সমগ্ৰ দেশত এবছৰত নিৰ্মাণ আৰু মেৰামতি কৰিছে মাত্ৰ 3 হাজাৰ 739 কিলোমিটাৰৰ ৰাষ্ট্ৰীয় ঘাইপথ ৷

লগতে পঢ়ক: Assam govt in debt: ২২ মাহতে বিজ্ঞাপনত ১৩১ কোটি টকা ব্যয় কৰি অভিলেখ শৰ্মা চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.