Assam govt in debt: ২২ মাহতে বিজ্ঞাপনত ১৩১ কোটি টকা ব্যয় কৰি অভিলেখ শৰ্মা চৰকাৰৰ

author img

By

Published : Mar 17, 2023, 9:16 PM IST

Assam govt in debt

বাস্তৱত উন্নয়ন নহ’লেও কিন্তু বিজ্ঞাপনত আছে চমকপ্ৰদ উন্নয়ন ৷ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 22 মাহতে বিজ্ঞাপনৰ নামত 131 কোটি টকা ব্যয় কৰাৰ বিপৰীতে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত 5 বছৰত বিজ্ঞাপনৰ নামত ব্যয় হৈছিল 125.6 কোটি টকা ৷ ৰাইজৰ ওপৰত ধাৰৰ বোজা জাপি দি চৰকাৰখনে বিজ্ঞাপনৰ যোগেদি উন্নয়নৰ ঢাক-ঢোল বজাই আহিছে (Expenditure of Assam govt) ৷

গুৱাহাটী, 17 মাৰ্চ: ঋণ-ধাৰ কৰি হ’লেও ঘিউ-মৌ খোৱা চৰকাৰখনে কিন্তু খৰচ কৰাৰ ক্ষেত্ৰত অলপো কৃপণালি নকৰে ৷ বাস্তৱত উন্নয়ন নকৰিলেও কিন্তু বিজ্ঞাপনত চৰকাৰখনৰ চমকপ্ৰদ উন্নয়ন দাঙি ধৰা হৈছে ৷ যাৰ বাবে বিজ্ঞাপনৰ নামতে চৰকাৰখনৰ ব্যয় হৈছে বুজন পৰিমাণৰ পুঁজি ৷ বিধানসভাত চৰকাৰে দিয়া তথ্য মতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত বিজ্ঞাপনৰ নামত ব্যয় কৰা হৈছে প্ৰায় 131 কোটি টকা (Advertisement expenditure of Assam govt) ৷

ঋণৰ ওপৰত ঋণ লৈ অভিলেখ সৃষ্টি কৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 22 মাহতে বিজ্ঞানৰ নামত ব্যয় কৰিলে 131 কোটি টকা ৷ এইখিনিতে প্ৰশ্ন উত্থাপন হয় যে সঁচাই যদি চৰকাৰখনে উন্নয়ন সাধিছে তেন্তে ৰাজকোষৰ বুজন পুঁজি কিয় বিজ্ঞাপনৰ নামত ব্যয় কৰিবলগীয়া হৈছে ? চৰকাৰখনৰ এনে চমকপ্ৰদ বিজ্ঞাপনৰ বাবেই বিৰোধীয়ে বিজেপি চৰকাৰ ‘বিজ্ঞাপন’তহে আছে বুলি প্ৰায়ে কটাক্ষ কৰে (Advertisement cost of Himanta govt) ৷

ৰাইজৰ ওপৰত ধাৰৰ বোজা জাপি দি চৰকাৰখনে বিজ্ঞাপনৰ যোগেদি উন্নয়নৰ ঢাক-ঢোল বজাই আহিছে ৷ যাৰ পৰিপ্ৰেক্ষিতত বিজ্ঞাপনৰ নামতে ওলাই গৈছে বৃহৎ পৰিমাণৰ ধন ৷ উল্লেখ্য যে, হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 22 মাহতে বিজ্ঞাপনৰ নামত ব্যয় কৰিলে 131 কোটি টকা ৷ ইয়াৰ বিপৰীতে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত 5 বছৰত বিজ্ঞাপনৰ নামত ব্যয় হৈছিল 125.6 কোটি টকা ৷ আনকি ঋণ লোৱাৰ ক্ষেত্ৰতো সকলো ৰেকৰ্ড ভাঙিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে (Assam govt in Debt) ৷

বিধানসভাৰ তথ্য মতে বৰ্তমানৰ চৰকাৰে এতিয়ালৈকে প্ৰায় 42,000 কোটি টকাৰ ঋণ লৈছে ৷ অসমৰ বৰ্তমান ঋণৰ পৰিমাণ হৈছে 1,31,273 কোটি টকা ৷ সেই অনুসৰি অসমৰ এজন মানুহৰ ওপৰত এতিয়া ধাৰৰ বোজা আছে 38 হাজাৰ টকা ৷ তৰুণ গগৈ চৰকাৰৰ দিনত ৰাজ্যখনৰ ঋণৰ পৰিমাণ আছিল 41,964 কোটি টকা (Debt of Tarun gogoi govt) ৷

সৰ্বানন্দ সোণোৱালৰ দিনত পাঁচ বছৰত লোৱা ঋণৰ পৰিমাণ আছিল 48,801 কোটি টকা ৷ কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুবছৰ হোৱাৰ পূৰ্বেই ঋণ ল'লে 40,509 কোটি টকা ৷ সেই হিচাপত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অভিলেখ সৃষ্টি কৰিছে ৷ ইফালে দিছপুৰৰ বাহিৰত ৰাজ্যৰ বিভিন্ন জিলাত কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ নামতো চৰকাৰখনে ব্যয় কৰিছে বুজন পৰিমাণৰ পুঁজি ৷

ইতিমধ্যে ৰাজ্যৰ বিভিন্ন স্থানত কেইবাখনো কেবিনেট বৈঠক অনুষ্ঠিত হৈ গৈছে ৷ দিছপুৰৰ বাহিৰত 9খন জিলাত অনুষ্ঠিত কেবিনেট বৈঠকৰ খৰচ অনুসৰি যোৰহাটত ব্যয় হৈছিল 48লাখ 42 হাজাৰ 173 টকা ৷ সেইদৰে শিলচৰত ব্যয় হৈছিল 30 লাখ 60 হাজাৰ টকা ৷ ডিমা হাছাওত ব্যয় হৈছিল 1 কোটি 13 লাখ 92 হাজাৰ 399 টকা ৷ কোকৰাঝাৰত ব্যয় হৈছিল 21 লাখ 9 হাজাৰ 108 টকা ৷

বঙাইগাঁৱত ব্যয় কৰা হৈছিল 55 লাখ 54 হাজাৰ 34 টকা ৷ শোণিতপুৰত ব্যয় কৰা হৈছিল 7 লাখ 69 হাজাৰ টকা ৷ ধেমাজিত ব্যয় কৰা হৈছিল 34 লাখ 8 হাজাৰ 361 টকা ৷ ডিব্ৰুগড়ত ব্যয় কৰা হৈছিল 35 লাখ 15 হাজাৰ 912 টকা ৷ আনহাতে গুৱাহাটীৰ গান্ধীমণ্ডপত হোৱা কেবিনেট বৈঠকত ব্যয় হৈছিল 21 লাখ 79 হাজাৰ 129 টকা ৷

লক্ষ্যনীয় বিষয় যে চৰকাৰখনে ব্যয় সংকোচন কৰাৰ বিপৰীতে ঋণৰ ওপৰত ঋণ লৈ ব্যয় বৃদ্ধি কৰি গৈছে ৷ আনহাতে জনতাৰ ওপৰত এটাৰ পাচত আনটোকৈ কৰৰ বোজা জাপি দি আহিছে ৷ এফালে কৰৰ বোজা আৰু আনফালে মূল্যবৃদ্ধিৰ বোজাত কোঙা হৈ পৰিছে সাধাৰণ জনতা ৷

লগতে পঢ়ক: Local gamocha of Assam: বহিৰাগত গামোচা পৰীক্ষাৰ বাবে অসমত নাই পৰীক্ষাগাৰ, মন্ত্ৰী উৰ্খাউ গৌড়া ব্ৰহ্ম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.