Road accident in Dhemaji: ধেমাজিৰ চিৰিপানীত ভয়ংকৰ পথ দুঘটনাত নিহত দুই

By

Published : Apr 30, 2023, 9:23 AM IST

thumbnail

ধেমাজি,৩০ এপ্ৰিল: ধেমাজি শ্ৰীপাণিত ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident in Dhemaji) । দুৰ্ঘটনাটোত চুৰ্ণ-বিচুৰ্ণ হৈ পৰে ২ খন মটৰ চাইকেল । দুৰ্ঘটনাত থিতাতে নিহত হয় ২ জন যুৱক । এজনক সংকটজনক অৱস্থাত ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় (Two death in road accident in Dhemaji) ৷ দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হ'ল সেই সন্দৰ্ভত কোনো তথ্য লাভ কৰা নাই আৰক্ষীয়ে । নিহত যুৱক দুজনৰ নাম কিৰণ দত্ত আৰু সীমান্ত গগৈ ৷ আনহাতে গুৰুতৰভাৱে আহত লোকজনৰ নাম দেৱজিৎ গগৈ বুলি জানিব পৰা গৈছে । 

একাংশই মটৰ চাইকেল দুখনৰ মুখামুখি সংঘৰ্ষ হোৱা বুলি কোৱাৰ বিপৰীতে একাংশ লোকৰ মতে এখন ট্ৰাকে মটৰ চাইকেল দুখনক মহতিয়াই পলায়ন কৰে বুলি উল্লেখ কৰে । দুৰ্ঘটনাত পতিত হোৱা মটৰ চাইকেল দুখনৰ নম্বৰ ক্ৰমে AS22F2210 আৰু AS22F7856 । 

লগতে পঢ়ক: Poachers arrested: বন বিভাগৰ জালত তিনি দুৰ্ধৰ্ষ চোৰাং চিকাৰী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.