ETV Bharat / state

Poachers arrested: বন বিভাগৰ জালত তিনি দুৰ্ধৰ্ষ চোৰাং চিকাৰী

author img

By

Published : Apr 30, 2023, 8:37 AM IST

Updated : Apr 30, 2023, 8:53 AM IST

Three poachers arrested in Barpetaroad
বন বিভাগৰ জালত তিনি দুধৰ্ষ চোৰাং চিকাৰী

বৰপেটাৰোডত বন বিভাগৰ অভিযান চলাই গ্ৰেপ্তাৰ কৰে তিনিটাকৈ চোৰাং চিকাৰীক । জব্দ কৰে বুজন পৰিমাণৰ বাঘৰ হাড় । মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাহিতামা বীট কাৰ্যালয়ৰ অন্তৰ্গত লাব্দাংগুৰী অঞ্চলত বন বিভাগে চলাইছিল অভিযান (Three poachers arrested in Barpetaroad) ।

বন বিভাগৰ জালত তিনি দুধৰ্ষ চোৰাং চিকাৰী

বৰপেটাৰোড,৩০ এপ্ৰিল: ৰাজ্যজুৰি বন্য জন্তু সংৰক্ষণৰ বাবে চৰকাৰে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে (Poachers arrested) ৷ কিন্তু ইমানৰ পিচতো গা লৰা নাই একাংশ অপৰাধী তথা চোৰাং চিকাৰীৰ ৷ পুনৰ বন বিভাগৰ অভিযানত জালত পৰিল তিনি দুৰ্ধৰ্ষ চোৰাংচিকাৰী । এইবাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ (Manah National Park) কাহিতামা বীট কাৰ্যালয়ৰ অন্তৰ্গত লাব্দাংগুৰী অঞ্চলত বন বিভাগে চলাই অভিযান (Three poachers arrested in Barpetaroad) ।

অভিযানত বাঘৰ হাড়সহ তিনিটাকৈ দুৰ্ধৰ্ষ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ধৃত চোৰাং চিকাৰী তিনিটা ক্ৰমে বলেন্দ্ৰ গয়াৰী, মুনীন্দ্ৰ বসুমতাৰী আৰু ডিম্বে গয়াৰী বুলি জানিব পৰা গৈছে (Poachers arrested in Barpetaroad) ৷ এক গোপন সুত্ৰৰ পম খেদি শনিবাৰে বিয়লিৰ ভাগত মানাহ ব্যাঘ্ৰ প্ৰকল্প কাৰ্যালয়ৰ এ চি এফ জচিম আহমেদ আৰু বন বিষয়া পাপৰী কছাৰীৰ নেতৃত্বত যোৱা বন বিভাগৰ এটি দলে অভিযান চলাই বাঘৰ হাড়সহ দুৰ্ধৰ্ষ চোৰাং চিকাৰীকেইটাক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷

বন বিভাগে ধৃত চোৰাং চিকাৰী তিনিটাৰ পৰা ৭.১৫ কি:গ্ৰা: ওজনৰ বাঘৰ হাড় জব্দ কৰে বুলি জানিব পৰা গৈছে ৷ চোৰাং চিকাৰী তিনিজনক বৰপেটাৰোডৰ চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষাৰ অন্তত বৰপেটাৰোডস্থিত মানাহ ব্যাঘ্ৰ প্ৰকল্প কাৰ্যালত ৰাখি জেৰা অব্যাহত ৰাখিছে বন বিভাগৰ দলে ৷ এই ক্ষেত্ৰত আৰু বহুলোক জালত পৰাৰ সম্ভাৱনা ব্যক্ত কৰে বন বিভাগে ।

উল্লেখ্য যে, দীৰ্ঘদিনৰে পৰাই চোৰাং চিকাৰীয়ে মানাহৰ বন্য জীৱজন্তু তথা পশু নিধন কৰি বন্য জীৱজন্তুৰ দাঁত,ছাল, হাড়,মাংস আদি বিক্ৰী কৰি ৰমৰমীয়া ব্যৱসায় কৰি আহিছিল বুলি সময়ে সময়ে অভিযোগ উত্থাপন হৈ আহিছে ৷ বিগত কিছুদিন পূৰ্বে মানাহৰ হৰিণা চিকাৰ কৰি হৰিণাৰ মাংস বিক্ৰী কৰাৰ অপৰাধত সৰভোগৰ পৰা তিনিটাকৈ চোৰাং চিকাৰীক হৰিণাৰ মাংসসহ বন বিভাগে আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল ৷

লগতে পঢ়ক: BJP Joining Program: কংগ্ৰেছ দল এতিয়া এটা নচলা পইচা: সিদ্ধাংকু অংকুৰ বৰুৱা

Last Updated :Apr 30, 2023, 8:53 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.