Yaba Tablet seized: য়াবা টেবলেটসহ দুই সৰবৰাকাৰীক গ্ৰেপ্তাৰ

By

Published : Jul 31, 2023, 10:39 PM IST

thumbnail

আগৰতলা, 31 জুলাই : উত্তৰ ত্ৰিপুৰাৰ ধৰ্মনগৰ ক্ৰমাৎ নিচাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৷ চহৰখনৰ চাৰিওফালে ড্ৰাগছৰ মুক্ত ব্যৱসায় চলি থকাৰ মাজতে আৰক্ষীয়ে ড্ৰাগছ জব্দ কৰাৰ লগতে ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ দেওবাৰে মাজনিশা ধৰ্মনগৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰে’লৱে গেট দুৰ্গাপুৰ অঞ্চলৰ পৰা 15 লাখ টকাৰ য়াবা টেবলেটসহ দুজনক গ্ৰেপ্তাৰ কৰে ৷ আটক কৰা কেইজন ক্ৰমে 13 নং ৱাৰ্ডৰ দেৱাশীষ পাল আৰু শংকৰ ভট্টাচাৰ্য বুলি জানিব পৰা গৈছে ৷

ঘটনা সন্দৰ্ভত ধৰ্মনগৰ আৰক্ষীয়ে জনোৱা মতে, দুৰ্গাপুৰ অঞ্চলত নিষিদ্ধ য়াবা টেবলেট বিতৰণ কৰি থকা অৱস্থাত দেৱাশীষ পাল আৰু শংকৰ ভট্টাচাৰ্য নামৰ দুই সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ পৰৱৰ্তী সময়ত ধৃত দুই অভিযুক্তৰ পৰা দুটা পেকেটত মুঠ 360 টা য়াবা টেবলেট জব্দ কৰা হয় ৷ যাৰ ক’লা বজাৰ মূল্য প্ৰায় 15 লাখ টকা ৷ 

তদুপৰি ধর্মনগৰ আৰক্ষী থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সৰবাৰহাকী কেইটাৰ বিৰুদ্ধে এন ডি পি এছৰ 120/23 নম্বৰ ধাৰাত গোচৰ ৰুজু কৰিছে ৷ ধৃত দুই অভিযুক্তক সোমবাৰে ধৰ্মনগৰ জিলা আৰু অধিৱেশন আদালতত চমজাই দিয়া হ’ব বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ 

লগতে পঢ়ক: Electrocution Incident in Moran: বিদ্যুৎ পৰিবাহী তাঁৰ ছিগি মাতৃ-পুত্ৰৰ মৃত্যু

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.