Electrocution Incident in Moran: বিদ্যুৎ পৰিবাহী তাঁৰ ছিগি মাতৃ-পুত্ৰৰ মৃত্যু

By

Published : Jul 31, 2023, 8:38 PM IST

thumbnail

ডিব্ৰুগড়,31 জুলাই: মৰাণৰ খটখটি বজাৰ লাইনত মৰ্মান্তিক ঘটনা ৷ ৪৪০ ভল্টেজ বিদ্যুৎ পৰিবাহী তাঁৰ ছিগি মাতৃ-পুত্ৰৰ মৃত্যু ৷ জানিব পৰা মতে, আবেলি ঘৰৰ চোতালত ৰিয়ান কৰ্মকাৰ নামৰ শিশুটোৱে খেলি থকাৰ সময়তে ঘৰৰ ওপৰেদি যোৱা বিদ্যুৎ পৰিবাহী তাঁৰ হঠাৎ ছিগি পৰি যায় চোতালত ৷ ফলত চোতালত খেলি থকা ৰিয়ান কৰ্মকাৰে স্পৰ্শ কৰে বিদ্যুৎ পৰিবাহী ছিগা তাঁৰত ৷ ইফালে সন্তানক ৰক্ষা কৰিবলৈ গৈ মাতৃ ৰিমা কৰ্মকাৰেও ছিগা বিদ্যুৎ পৰিবাহী তাঁৰত স্পৰ্শ কৰে ৷ 

ফলত দুই মাতৃ-পুত্ৰই বিদ্যুৎস্পৃষ্ট হয় ৷ পৰৱৰ্তী সময়ত মাতৃ-পুত্ৰক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷ আনহাতে বিদ্যুত বিভাগৰ গাফিলতিৰ বাবে এই ঘটনা হোৱা বুলি অভিযোগ কৰে মৃত ৰিমা কৰ্মকাৰৰ আত্মীয়ই ৷ কিয়নো সহজতে হাতেৰে ঢুকি পোৱা অৱস্থাত আছে বিদ্যুৎ পৰিবাহী তাঁৰসমূহ ৷

লগতে পঢ়ক:ULFA(I) Linkman arrested in Sonari:সোণাৰিত আৰক্ষীৰ জালত পৰিল আলফা স্বাধীনৰ লিংকমেন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.