ULFA(I) Linkman arrested in Sonari:সোণাৰিত আৰক্ষীৰ জালত পৰিল আলফা স্বাধীনৰ লিংকমেন

By

Published : Jul 29, 2023, 10:36 PM IST

thumbnail

ডিব্ৰুগড়,29 জুলাই: স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত সোণাৰিত আৰক্ষীৰ জালত পৰিল আলফা স্বাধীনৰ লিংকমেন ৷ চৰাইদেউ আৰক্ষী আৰু সেনাৰ যুটীয়া অভিযানত আটক কৰে আলফা স্বাধীনৰ লিংকমেনজনক ৷ বৰহাট ডফলাৰ পৰা আটক কৰা হৈছে যোগেন গগৈ নামৰ আলফাৰ লিংকমেনটোক । আৰক্ষীৰ বিশেষ সুত্ৰই জানিবলৈ দিয়া অনুসৰি আটকাধীন যোগেন গগৈ আলফা স্বাধীনৰ প্ৰাক্তন সদস্য ৷ আত্মসমৰ্পন কৰাৰ পাচতো আলফা স্বাধীনৰ লিংকমেন হিচাপে কাম কৰি আহিছে যোগেন গগৈয়ে ৷

শেহতীয়াকৈ উজনি অসমৰ বিভিন্ন প্ৰান্তত ধন দাবী বাবে তথ্য সংগ্ৰহৰ কামত জড়িত আছিল ধৃত যোগেন গগৈ । উল্লেখযোগ্য যে চৰাইদেউ জিলাৰ এখনৰ পাচত আন এখন চাহ বাগিচালৈ আলফা স্বাধীনে প্ৰেৰণ কৰিছে ধন দাবী পত্ৰ । ইয়াৰ পাচতেই চৰাইদেউ জিলা আৰক্ষীয়ে আলফাৰ বিৰুদ্ধে অভিযান তীব্ৰ কৰি তোলা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক:ULFA (I) Extortion Demand : আকৌ আলফা(স্বা)ৰ ধনদাবী পত্ৰ ব্যৱসায়ীলৈ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.